হাইলাকান্দি, 15 জুন : হাইলাকান্দিত সংঘটিত ২০ কোটি টকীয়া সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ লগত জড়িত ন ন তথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে, ২০ কোটি টকীয়া সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰী সন্দৰ্ভত দুই ব্যক্তিৰ মাজত ফৌনিক বাৰ্তালাপ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ফোন কল ৰেকৰ্ডিঙৰ তথ্য অনুসৰী এই আৰ্থিক কেলেংকাৰীত হাইলাকান্দিৰ দুগৰাকী কংগ্ৰেছ নেতা বাবু লস্কৰ আৰু জাহান আহমদ জড়িত থকা বুলি অভিযোগ উত্থাপন হৈছে ।
লগতে বেংক কৰ্মচাৰী বাচিদ আহমদ বড়ভূঞাৰ সহযোগত দুই কংগ্ৰেছ কৰ্মীয়ে ১ কোটি ৬০ লাখ টকা আত্মসাৎ কৰাৰ কথা স্পষ্ট হৈ আছে ফোন কলত। ইয়াৰোপৰি হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী প্ৰধানক ৪ লাখ টকা দিয়াৰ কথাও উল্লেখ কৰিছে দুই কংগ্ৰেছ নেতাই । আনহাতে ফোন কল ভাইৰেলক কেন্দ্ৰ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰে হাইলাকান্দি সদৰ থানাত এক গোচৰ ৰুজু কৰি ইয়াৰ তদন্ত খৰতকীয়া কৰাৰ দাবী উত্থাপন কৰিছে।