ETV Bharat / state

কৰ'ণা সম্পৰ্কীয় পৰ্যালোচনা সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

বৃহস্পতিবাৰে হাইলাকান্দিত উপস্থিত হৈ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ ৰাজ্যৰ আন প্ৰান্তৰ তুলনাত হাইলাকান্দি জিলাত যথেষ্ট কম হাৰত কৰ'ণাৰ পৰীক্ষণ হৈছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

মন্ত্ৰী পীযুষ হাজৰিকা
মন্ত্ৰী পীযুষ হাজৰিকা
author img

By

Published : Aug 27, 2020, 5:19 PM IST

হাইলাকান্দি, 27 আগষ্ট: বৃহস্পতিবাৰে হাইলাকান্দিত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ বৰাক উপত্যকাত ক্ৰমবৰ্ধমান কৰ'ণা সংক্ৰমণৰ পৰিস্থিতিৰ বুজ ল'বলৈ জিলাখনত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷ হাইলাকান্দি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাচত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্যৰ আন প্ৰান্তৰ তুলনাত হাইলাকান্দি জিলাত যথেষ্ট কম হাৰত হৈছে কৰ'ণাৰ পৰীক্ষণ ৷

হাইলাকান্দিত কৰ'ণা সম্পৰ্কীয় পৰ্যালোচনা সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

হাইকান্দিবাসীয়ে বৰ্তমানেও ওলাই অহা নাই পৰীক্ষা কৰিবলৈ ৷ য'ত নেকি ৰাজ্যৰ আন প্ৰান্তত নিতৌ শহস্ৰাধিক লোকে কৰ'ণা পৰীক্ষা কৰি আছে, তাৰ বিপৰীতে হাইলাকান্দিত পৰীক্ষা কৰা লোকৰ সংখ্যা পোৱা গৈছে প্ৰায় 300 বা 350 গৰাকী ৷ জিলাখনৰ বাসিন্দা সকলে বৰ্তমানেও ইয়াৰ বিৰুদ্ধে সচেতনতা অবলম্বন কৰি ওলাই অহা নাই বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে জিলাখনত দিনক দিনে বৃদ্ধি পাইছে লক্ষণযুক্ত কৰ'ণা ৰোগীৰ সংখ্যাও ৷ তেওঁ কয় যে, যিমানেই পৰীক্ষা কৰা হ'ব সিমানেই ৰোগী ধৰা পৰিব, সিমানেই বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ৷ যদি পৰীক্ষা নকৰাকৈয়ে দেহত সেই মাৰাত্মক বীজাণু লোকে কঢ়িয়াই ফুৰে তেন্তে পৰিস্থিতি আৰু আধিক ভয়াৱহ হ'ব পাৰে ৷ সেয়ে মন্ত্ৰীগৰাকীয়ে সকলোকে কৰ'ণা পৰীক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক: ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও অনুষ্ঠিত হ'ল অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.