হাইলাকান্দি,10 এপ্ৰিলঃ কৰ’ণাত আক্ৰান্ত হাইলাকান্দিৰ ব্যক্তিজনৰ মৃত্যুৰ পিছত উত্তেজনা সৃষ্টি হয় জিলাখনত ৷ 65 বছৰীয়া মৃত ব্যক্তিগৰাকীৰ মৃতদেহ সৎকাৰ কাৰ্যত পৰিয়ালৰ লোকৰ সলনি উপস্থিত আছিল পৌৰসভাৰ অধীনষ্ঠ একাংশ চাফাই কৰ্মী ৷ প্ৰশাসনে ব্যক্তি গৰাকীৰ পৰিয়ালক জানাজাত অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰা নাছিল বাবে চাফাই কৰ্মীসকলে এই কাৰ্যত অংশ লয় ৷ কিন্তু সম্প্ৰতি এই ঘটনাই অন্য এক মোৰ লোৱা দেখা গৈছে ৷ জানাজাত উপস্থিত থকা চাফাই কৰ্মীসকলক বাসগৃহত প্ৰৱেশত বাধা আৰোপ কৰে একাংশ লোকে ৷
উল্লেখ্য যে,হাইলাকান্দি চহৰৰ অজাচকপল্লীত সংঘটিত হয় এই ঘটনা । স্থানীয় ৰাইজে 9 গৰাকী কৰ্মীক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰাৰ দাবী জনাই গৃহ প্ৰৱেশত বাধা প্ৰদান কৰে । ঘটনাস্থলীত মুহুৰ্ততে আৰক্ষী আৰু চিআৰপিএফ বাহিনী উপস্থিত হয় ৷ সদৰ চক্ৰ বিষয়া ত্ৰিদিব ৰায় আৰু সদৰ উপ-আৰক্ষী অধীক্ষক নয়নমণি বৰ্মনৰ সৈতে স্থানীয় ৰাইজৰে দীৰ্ঘসময় ধৰি বাক-বিতণ্ডা চলাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ এটা দল । অৱশেষত কৰ্মীকেইজনৰ স্বাস্থ্য পৰীক্ষা কৰে স্বাস্থ্য বিভাগৰ দলটোৱে ৷ ইয়াৰ পিছত ঘৰলৈ যাবলৈ দিয়া হয় শ্ৰমিক সকলক ৷ ইপিনে,ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ ফালৰ পৰা অঞ্চলটোৰ ব্যক্তিসকলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ৷
লগতে চাওকঃ লক ডাউনৰ প্ৰভাৱত গছতে নষ্ট হৈছে কৃষকৰ উৎপাদিত শস্য