ETV Bharat / state

পথ নিৰ্মাণৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

author img

By

Published : Aug 19, 2020, 3:08 PM IST

ৰাইজৰ দুৰ্দশা দেখিও কোনো পদক্ষেপ গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগে ৷ বিভাগীয় কতৃপক্ষক বহু আবেদন-নিবেদন কৰাৰ পাছতো কোনো সুফল নোপোৱাত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে কেবাটাও সংগঠনে পথৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে ৷

KMSS protest
হাইলাকান্দি

হাইলাকান্দি, 19 আগষ্টঃ হাইলাকান্দিত পথ মেৰামতিৰ নামত প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ হাইলাকান্দি আৰু লালাৰ মাজৰ একমাত্ৰ সংযোগী পথটোৰ দুৰস্থাৰ বাবে বিগত দিনে প্ৰতিবাদ কৰি আহিছে সংগঠনটোৱে ৷ কিন্তু আজিকোপতি কোনো সুফল নাপালে ৰাইজে ৷ বিগত ছয়মাহে প্ৰায় হাজাৰ হাজাৰ লোকে উক্ত পথটোৰে যাতায়ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ ডিগবৈৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহ উদ্ধাৰ

কিন্তু ৰাইজৰ দুৰ্দশা দেখিও কোনো পদক্ষেপ গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগে ৷ বিভাগীয় কতৃপক্ষক বহু আবেদন-নিবেদন কৰাৰ পাছতো কোনো সুফল নোপোৱাত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে কেবাটাও সংগঠনে পথৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে ৷

পথ নিৰ্মাণৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

উক্ত প্ৰতিবাদত কাঠলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰকো সমানে জগৰীয়া সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷ লগতে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ লগে লগে প্ৰতিবাদস্থলীত লালাৰ চক্ৰ আধিকাৰিক অৰ্পিতা দত্ত মজুমদাৰ উপস্থিত হৈ শীঘ্ৰে পথটোৰ মেৰামতি কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ৷ ফলত পৰিৱেশ কিছু শান্ত হয় ৷ কিন্তু বিষয়াগৰাকীয়ে কথা মতে কাম নকৰিলে ভৱিষ্যতে অধিক ভয়াৱহ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.