ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

হাইলাকান্দি জিলাৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষক নেতা গৰাকীক মুকলি কৰি দিবলৈ মানব শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাধিক সদস্যই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

KMSS PROTEST AT ASSAM HAILAKANDI
অখিল গগৈক মুক্তিৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ
author img

By

Published : Jul 28, 2020, 6:07 PM IST

হাইলাকান্দি, 28 জুলাই : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে হাইলাকান্দি জিলাতো কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অব্যাহত আছে প্ৰতিবাদ ৷ কৃষক নেতা অখিল গগৈক বিনাচৰ্তে অনতিপলমে মুকলি কৰি দিবলৈ ৰাজ্যৰ প্ৰতিবাদকাৰীয়ে আহ্বান জনাইছে অন্যথা জংগী আন্দোলনৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে ৷

অখিল গগৈক মুক্তিৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ

মঙলবাৰে হাইলাকান্দি জিলাৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষক নেতা গৰাকীক মুকলি কৰি দিবলৈ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাধিক সদস্যই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

হাইলাকান্দি জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰৰ নেতৃত্ব প্ৰায় এক শতাধিক কৰ্মীয়ে ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ জনায় ।

উল্লেখ্য যে,কৃষক নেতা অখিল গগৈক মাওবাদীৰ সন্দেহৰ গোচৰত ডিচেম্বৰ NIA ৰ আদালতে গ্ৰেপ্তাৰ কৰিছিল ৷ লগতে,নেতা গৰাকীৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰাৰ বাবে বহু কেইটা গোচৰও ৰুজু হৈছিল ৷

লগতে পঢ়ক : গণপ্ৰহাৰত মৃত্যু হোৱা তিনি সন্দেহজনক বাংলাদেশীক কৰিমগঞ্জত কবৰস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.