ETV Bharat / state

কাঠাখাল নৈ'ৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ - গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ

হাইলাকান্দিৰ কাঠাকাল নৈ'ৰ তীব্ৰ খহনীয়াৰ ফলত কাটলিছেড়া বিধানসভা সমষ্টিৰ ধলাই-মলাই গাঁওৰ শতাধিক পৰিয়ালে ভয় আৰু সংশয়ৰ মাজেৰে দিন কটাবলগীয়া হৈছে ।

khathakhal-river-embankment-protest-hailakandi
কাঠাখাল নৈ'ৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ
author img

By

Published : Jul 22, 2020, 1:10 PM IST

হাইলাকান্দি, 22জুলাইঃ হাইলাকান্দি জিলাত গৰাখহনীয়াই ধাৰণ কৰিছে ভয়াবহ ৰূপ । প্ৰতিমুহূৰ্ততে খহিছে কাটাখাল নৈৰ গৰা। বিগত কেইবা বছৰ ধৰি হৈ থকা কাঠাখাল নৈ'ৰ তীব্ৰ খহনীয়াত আতংকিত হৈ পৰিছে কাঠাখাল নৈ'ৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ৰাইজ । কাঠাখাল নৈৰ তীব্ৰ খহনীয়াৰ ফলত কাটলিছেড়া বিধানসভা সমষ্টিৰ ধলাই-মলাই গাঁওৰ শতাধিক পৰিয়ালে ভয় আৰু সংশয়ৰ মাজেৰে দিন কটাব লগীয়া হৈছে । যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণত কাঠাখাল নৈৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ বাঢ়নী পানীত বুৰ গৈছিল আৰু বৰ্তমানে নৈখনে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি আহিছে । নৈ'খনৰ খহনীয়াই গাঁওবাসীৰ ঘৰ-বাৰীলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ খহনীয়াত জাহ গৈছে বিস্তৰ কৃষিভূমি ।

কাঠাখাল নৈ'ৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ

উল্লেখযোগ্য যে, বিধায়ক আনোৱাৰ হুছেইন লস্কৰক বাৰে-বাৰে এই মথাউৰি মেৰামতি কৰি দিয়াৰ বাবে আহ্বান জনোৱাৰ পিছতও বিধায়কে কোনো ধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷

লগতে পঢ়কঃ বানত ক্ষতিগ্ৰস্ত দলং পৰিদৰ্শন প্ৰাক্তন বিধায়ক জাভেদ ইছলামৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.