হাইলাকান্দি,4 নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে হাইলাকান্দিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আয়োজন কৰা হৈছিল এক প্ৰতিবাদী কাৰ্যসূচীৰ । জিলা সদৰৰ শ্বহীদ স্মাৰক স্থলত আয়োজন কৰা হৈছিল এই তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ । কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীত বাধাৰ সৃষ্টি কৰে আৰক্ষীয়ে । প্ৰতিবাদ আৰম্ভ হোৱাৰ মুহুৰ্ততে আন্দোলন বন্ধ কৰিবলৈ উপস্থিত হয় বিশাল আৰক্ষী আৰু চিআৰপিএফ বাহিনী । পিছত জিলা প্ৰশাসনৰ আহ্বানক স্বাগতম জনাই কাৰ্যসূচী আধাতে সামৰিলে প্ৰতিবাদকাৰী সকলে।
উল্লেখ্য যে, হাইলাকান্দি জিলাত আইন শৃংখলা জনিত পৰিস্থিতি অৱনমিত হোৱাৰ বাবে জিলা উপায়ুক্তই ইতিমধ্যেই জিলাখনত বলবৎ কৰি থৈছিলে ১৪৪ ধাৰা । এই ধাৰা মতে জিলাখনত সকলো প্ৰকাৰৰ সভা সমিতি সমদল আদি নিষিদ্ধ কৰা হৈছিল । যাৰ ফলত আছুক এই আন্দোলন বন্ধ কৰিবলৈ আহ্বান জনায় হাইলাকান্দি জিলা প্ৰশাসনে ৷ পাছত জিলা প্ৰশাসনৰ আহ্বানক সন্মান জনাই প্ৰতিবাদী কাৰ্যসূচী আধাতে সামৰিলে জিলা ছাত্ৰ সন্থাই ।