হাইলাকান্দি, 20 ফেব্ৰুৱাৰীঃ হাইলাকান্দিত আৰক্ষীৰ আৰু CRPF'ৰ যৌথ অভিযান । অভিযানকালত জব্দ এটা ৭.৬৫MM পিষ্টল ১২ জাই সজীৱ গুলীসহ এটা মেগজিন । হাইলাকান্দি জিলাৰ ৰাঙাউটি গাঁৱৰ নিজাম উদ্দিন চৌধুৰী নামৰ এগৰাকী ব্যক্তি ঘৰৰ কাষৰ পৰা উদ্ধাৰ হৈছে পিষ্টলটো । ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে । আনহাতে, অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
আৰু পঢ়কঃ কটকটীয়া নিৰাপত্তাৰ মাজত গুৱাহাটীলৈ অনা হ'ল ছাৰ্জিল ইমামক