ETV Bharat / state

সলিল সমাধি ৰোধিবলৈ গংগা পূজা ক’ত ? - DHALESWARI

ধলেশ্বৰী নৈত সহজাত হৈ পৰা সলিল সমাধি ৰোধিবলৈ হাইলাকান্দিৰ ৰাইজে গ্ৰহণ কৰিলে অদ্ভূত পন্থা ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ মাজতেই ধলেশ্বৰী নৈ সন্ত্ৰাসৰ পৰা মুক্তি গংগা পূজা স্থানীয় ৰাইজৰ ৷

ETV BHARAT
author img

By

Published : Jun 13, 2019, 1:07 PM IST

হাইলাকান্দি , 13 এপ্ৰিল: অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ যুগতো প্ৰকৃতিক সন্তুষ্ট কৰাৰ বাবে আয়োজন হৈছে পূজা অৰ্চনাৰ । ধলেশ্বৰী নৈত বছৰ বছৰ ধৰি চলা সলিল সমাধি ৰোধ কৰাৰ উদ্দেশ্যে হাইলাকান্দিত ৰাইজে কৰিছে এক বিশেষ আয়োজন । গঙ্গা দেৱীৰ পূজা আগবঢ়াই তেওঁক সন্তুষ্ট কৰি এই বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা চলাইছে স্থানীয় লোকে ।

GANGA PUJA

স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, হাইলাকান্দি চহৰৰ ধলেশ্বৰী নৈত বিগত 10 বছৰ ধৰি প্ৰতিবছৰে বাৰিষা আহিলেই এজনৰ সলিল সমাধি হয় এই স্থানত । বিগত বছৰো সলিল সমাধি হোৱা ব্যক্তিৰ মৃতদেহ দুই দিনৰ পাচত উদ্ধাৰ কৰিছিল এচ ডি আৰ এফে । এইবছৰো সংঘটিত হৈছে অনুৰূপ দুৰ্ঘটনা । বিগত 24 মে’ত হাইলাকান্দি চহৰৰ 4 নম্বৰ ৱাৰ্ডৰ এইটো স্থানত ধলেশ্বৰী নৈত সলিল সমাধি হৈছিল নিৰ্মল চক্ৰৱৰ্তী নামৰ এগৰাকী ব্যক্তি । কিন্তু 19 দিন পাচতো উদ্ধাৰ ন'হল নিৰ্মল চক্ৰৱৰ্তীৰ মৃতদেহ । বছৰৰ পাচত বছৰ ধৰি চলা এই সলিল সমাধি ৰোধ কৰা আৰু নিৰ্মল চক্ৰৱৰ্তীৰ দেহ উদ্ধাৰৰ উদ্দেশ্যে স্থানীয় ৰাইজে বৃহস্পতিবাৰে আয়োজন কৰে গঙ্গা দেৱীৰ পূজা ।

SLUG :: শলিল সমাধী বন্ধৰ বাবে গঙ্গা পূজা হাইলাকান্দিত। 

Reporter :: Anupom Singha

O/C :: অত্যাধুনিক smart technologyৰ যুগত ও প্ৰকৃতিক সন্তুষ্ট কৰাৰ লক্ষে আয়োজন হৈছে পূজা অৰ্চনাৰ। ধলেশ্বৰী নৈত বছৰৰ পৰ বছৰ ধৰি চলা সলিল সমাধী বন্ধ কৰাৰ উদ্দেশ্যে হাইলাকান্দিত ৰাইজে কৰিছে এক বিশেষ আয়োজন। গঙ্গা দেৱীৰ পূজা আগবৰাই তেওঁক সন্তুষ্ট কৰি এই বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা চলাইছে স্থানীয় লোকে। 

V/O :: এইটো হাইলাকান্দি চহৰৰ মাজ মজিয়াত থকা ধলেশ্বৰী নদী। দেখাত অতি সামান্য হলেও প্ৰতি বছৰ ধলেশ্বৰী নৈৰ এই স্থানতে পানীত পৰি মৃত্যু হয় এজনৰ। যোৱ‍া প্ৰায় ১০ বছৰৰ পৰা চলিয়াছে এই মৃত্যুৰ তাণ্ডব। প্ৰতিবছৰ বাৰিষা আহিলেই এজনৰ সলিল সমাধী হয় এই স্থানত। যোৱা বছৰও সলিল সমাধী হোৱা ব্যক্তিৰ মৃতদেহ দুই দিন পিছত উদ্ধাৰ কৰিছিল এচ ডি আৰ এফে। এইবছৰো সংঘঠিত হৈছে একেই দুৰ্ঘটনা। যোৱা ২৪ মে হাইলাকান্দি চহৰৰ ৪ নম্বৰ ওয়াৰ্ডৰ এইটো স্থানত ধলেশ্বৰী নৈত পতিত হৈছিল নিৰ্মল চক্ৰবৰ্তী নামৰ এগৰাকী ব্যক্তি। কিন্তু আজি ১৯ দিন পিছতো উদ্ধাৰ ন'হল নিৰ্মল চক্ৰবৰ্তীৰ মৃতদেহ। SDRF দলে টানা ৫ দিন অভিযান চলাই কেৱল নিৰ্মল চক্ৰবৰ্তীৰ পৰিধান কৰা কাপোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। বছৰৰ পৰ বছৰ ধৰি চলা এই সলিল সমাধি বন্ধ কৰা আৰু নিৰ্মল চক্ৰবৰ্তীৰ দেহ উদ্ধাৰৰ উদ্দেশ্যে স্থানীয় ৰাইজে আজি আয়োজন কৰিছে গঙ্গা দেৱীৰ পূজাৰ। গঙ্গা দেবীক তুষ্ঠ কৰিব পাৰিলে হয়তো বন্ধ হব পাৰে মৃত্যুৰ এই ভিবিষিকা। এই উদ্দেশ্যত আজি সূৰ্যদয়ৰ আগতে নদীৰ তীৰত বন্তি জলাই আৰু পিছত গঙ্গা পূজাৰ আয়োজন কৰিছে স্থানীয় ৰাইজে। আধুনিকতাৰ দিনত সলিল সমাধী হোৱা দেহ উদ্ধাৰৰ বাবে আ্য়োজন কৰা এনে আয়োজন চাবলৈ ভিড় কৰিছে বিভিন্ন লোকে। 

byte :: Local 

#####

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.