হাইলাকান্দি, 4 জুলাইঃ হাইলাকান্দিত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক । হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক চিকিৎসালয়ত নিদান পত্ৰ (prescription) আৰু পেড ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ'ল এগৰাকী যুৱক । চিকিৎসালয়খনৰ অধ্যক্ষ সুদিপ চক্ৰবৰ্তীয়ে দিয়া এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিশ্বজিত দেবনাথ নামৰ যুৱকজনক ।
উল্লেখ্য যে, বুধবাৰে এগৰাকী ব্যক্তিয়ে সন্তানকলৈ চিকিৎসাৰ বাবে উপস্থিত হৈছিল হাইলাকান্দি এচ কে ৰায় অসামৰিক চিকিৎসালত । কিন্তু চিকিৎসালখনত অপিডিত দীঘলীয়া লাইন থকাৰ অজুহাত দেখুৱাই স্থানীয় এগৰাকী যুৱকে কাষতে থকা প্ৰিয়বালা মেডিকেল ষ্টোৰ নামৰ এখন ফাৰ্মাচিলৈ লৈ যায় ৷ ফাৰ্মাচিখনৰ স্বত্বাধিকাৰী বিশ্বিত দেবনাথ নামৰ যুৱকজনে ৰোগীক প্ৰদান কৰিছিল চিকিৎসালয়ৰ পেড, টোকেন আৰু নিদান পত্ৰ । যুৱকজনে টোকেন লৈ তেজ পৰীক্ষা কৰিবলৈ যাওঁতে পোহৰলৈ আহিল সমগ্ৰ ঘটনা ৷ লেবত ভুৱা টোকেন আৰু নিদান পত্ৰ দেখি খবৰ দিয়ে চিকিৎসালয়ৰ অধ্যক্ষ আৰু জিলা প্ৰশাসনক ৷ তাৰ পাচতে ঘটনা সন্দৰ্ভত অনুসন্ধান চলায় এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক বিশ্বজিত দেবনাথক ৷ তাৰোপৰি ফাৰ্মাছিখনৰ পৰা উদ্ধাৰ হৈছে বহু ভুৱা পেড সহ অন্যান্য নথি পত্ৰ ৷