হাইলাকান্দি, 22 এপ্ৰিলঃ হাইলাকান্দি বিধানসভা সমষ্টিৰ বিধায়ক বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে গোচৰ ৰুজু বজৰং দলৰ হাইলাকান্দি জিলা সমিতিৰ৷ বিধায়কগৰাকীৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ বজৰং দলৰ সদস্যৰ৷ যোৱা 18 এপ্ৰিলত হাইলাকান্দি জিলাত নিৰ্বাচন চলি থকা সময়ত হাইলাকান্দিৰ লক্ষ্মীচহৰ নিম্ন বুনিয়াদী বিদ্যালয়ত দুটা ফৈদৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ।
কাজিয়াৰ পাচত ঘটনাস্থলীত বিধায়কগৰাকী উপস্থিত হৈ বজৰং দলক জগৰীয়া কৰাৰ লগতে বজৰং দলৰ সদস্যসকলক ভাবুকিও প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এই ঘটনাৰ পাচত বজৰং দলৰ সদস্যসকলে বিধায়ক আনোৱাৰ হুছেইনক অভিযুক্ত কৰি হাইলাকান্দি সদৰ থানাত এটা গোচৰ ৰুজু কৰে।