ETV Bharat / state

হাইলাকান্দিৰ যুৱক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ - হাইলাকান্দিৰ মোহনপুৰ চিকিৎসালয়ত ভৰ্তি যুৱকজন

হাইলাকান্দিৰ এজন যুৱক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ ৷ বৰ্তমান যুৱকজনক শিলচৰ মেডিকেল কলেজলৈ পঠোৱাৰ সিদ্ধান্ত ৷

শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱাৰ সিদ্ধান্ত
মোহনপুৰ স্বাস্থ্যকেন্দ্ৰ
author img

By

Published : Mar 18, 2020, 7:53 PM IST

হাইলাকান্দি, 18 মাৰ্চ : এইবাৰ কৰ'ণা ভাইৰাছৰ আতংক বিয়পি পৰিছে হাইলাকান্দি জিলাত ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত হাইলাকান্দিৰ মোহনপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে এজন যুৱকক । হাইলাকান্দি জিলাৰ মোহনপুৰ গাঁৱৰ যুৱকজন হৈছে নিতাই মাল ।

হাইলাকান্দিৰ যুৱক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ

কৰ্মসূত্ৰে বাংগালুৰুত থকা যুৱকজন এক মাহৰ বাবে ছুটি লৈ নিজ ঘৰত উপস্থিত হৈছিল ৷ যুৱকজন কিন্তু যোৱা চাৰি-পাঁচদিন ধৰি কাঁহ, মূৰৰ বিষ আৰু বমিত আক্ৰান্ত হৈ থকা বাবে হাইলাকান্দিৰ মোহনপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু, চিকিৎসকে কৰ'ণা ভাইৰাছৰ সন্দেহ কৰি যুৱকজনক মোহনপুৰ চিকিৎসালয়ৰ আইছলেচন ৰুমত ৰাখিছিল ৷

কিন্তু কৰ'ণা ভাইৰাছৰ পৰীক্ষণ কৰিব পৰা সামগ্ৰীৰ অভাৱৰ বাবে শিলচৰ মেডিকেল কলেজলৈ পঠোৱাৰ সিদ্ধান্ত লৈছে মোহনপুৰ চিকিৎসালয়ৰ চিকিৎসকৰ দলে ।

আৰু পঢ়ক : বিদেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত 276 ভাৰতীয় : বৈদেশিক মন্ত্ৰণালয়

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.