ETV Bharat / state

হাথৰস ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত হাইলাকান্দি কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Oct 4, 2020, 1:00 PM IST

Updated : Oct 4, 2020, 7:12 PM IST

উত্তৰ প্ৰদেশৰ হাথৰসত সংঘটিত হোৱা গণধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত দেওবাৰে হাইলাকান্দি কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷

হাথৰচ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত হাইলাকান্দি কংগ্ৰেছৰ প্ৰতিবাদ

হাইলাকান্দি, 4 অক্টোবৰ : উত্তৰ প্ৰদেশৰ হাথৰচৰ মনিষা বাল্মিকী নামৰ যুৱতীগৰাকীক প্ৰথমে গণধৰ্ষণ আৰু তাৰ পিচত হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে হাইলাকান্দি কংগেছে ৷ এই কাণ্ডৰ পিচতে সমগ্ৰ দেশত আৰম্ভ হৈছে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৷

ভুক্তভোগী পৰিয়ালৰ ন্যায় বিছাৰি প্ৰতিবাদত বহিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভানেত্ৰী প্ৰিয়ংকা গান্ধী ৷ কিন্তু এই প্ৰতিবাদৰ সময়ত উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁলোকৰ সৈতেও অমানৱীয় ব্যৱহাৰ কৰিছিল যাৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল কংগ্ৰেছৰ দলৰ দুয়োগৰাকী নেতা ৷

ইয়াৰ পিচতেই অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত উত্তৰ প্ৰদেশৰ যোগী চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে । ৰাজ্যৰ বিভিন্ন জিলাৰ লগত আজি হাইলাকান্দি জিলা কংগ্ৰেছেও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

হাথৰস ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত হাইলাকান্দি কংগ্ৰেছৰ প্ৰতিবাদ

হাইলাকান্দি জিলাৰ আলগাপুৰস্থিত ৰাজীৱ ভৱনৰ সম্মুখত প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্য়মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে হাইলাকান্দি কংগ্ৰেছে ৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ মুৰ্দাবাদ,বিজেপি চৰকাৰ হায় হায়,প্ৰধানমন্ত্ৰী মুৰ্দাবাদ আদি শ্ল'গানো দিয়ে প্ৰতিবাদকাৰীসকলে ৷ তেওঁলোকৰ দাবী উত্তৰ প্ৰদেশ তথা সমগ্ৰ ভাৰতত বিজেপি চৰকাৰৰ এই হিটলাৰী শাসনৰ পৰা মুক্ত কৰি ৰাষ্ট্ৰপতি শাসন দিব লাগে আৰু অতি সোনকালে এই ধৰ্ষিতা পৰিযালক ন্যায় দিব লাগে ৷ অন্যথা আৰু বৃহৎ হাৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : গাঁওবুঢ়াই স্বীকাৰ কৰিলে ডকমকাৰ গণহত্যাৰ কথা

Last Updated : Oct 4, 2020, 7:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.