ETV Bharat / state

সঠিক আৰু ক্ষীপ্ৰ অনুসন্ধানৰ বাবে অসম আৰক্ষীলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিশেষ বঁটা

হাইলাকান্দি জোকাৰি যোৱা কিনিৰুং ৰিয়াং হত্যাকাণ্ড আৰু বটদ্ৰৱা কাণ্ডৰ সঠিক আৰু ক্ষীপ্ৰ অনুসন্ধানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে হাইলাকান্দিৰ উপ-আৰক্ষী অধীক্ষক নয়নমণি বৰ্মণ আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ লগতে উপ–পৰিদৰ্শক ইমদাদুল হুছেইনক প্ৰদান কৰে বিশেষ বঁটা

author img

By

Published : Aug 13, 2019, 8:52 PM IST

অসম আৰক্ষীলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিশেষ বঁটা

হাইলাকান্দি,13 আগষ্টঃ হাইলাকান্দি জোকাৰি যোৱা কিনিৰুং ৰিয়াং হত্যাকাণ্ডৰ সঠিক আৰু ক্ষীপ্ৰ অনুসন্ধানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে হাইলাকান্দিৰ উপ-আৰক্ষী অধীক্ষক নয়নমণি বৰ্মণলৈ প্ৰদান কৰে বিশেষ বঁটা ৷ উল্লেখযোগ্য যে, 2018 বৰ্ষৰ 13 মাৰ্চত সংঘটিত হোৱা এই লোমহৰ্ষক হত্যাক‍াণ্ডৰ মাত্ৰ তিনি মাহৰ ভিতৰতে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰি আদালতত চাৰ্জশ্বিট দাখিল কৰিছিল আৰু আদালতে আৰক্ষীৰ তদন্তৰ ভিত্তিত অপৰাধী জছিম উদ্দিন বৰভূঞাক মৃত্যুদণ্ডৰ ৰায় দিছিল। এই হত্যাকাণ্ডৰ তদন্তৰ বাবে হাইলাকান্দি আৰক্ষীয়ে গঠন কৰা SIT টিমৰ দায়িত্বত আছিল উপ আৰক্ষী অধীক্ষক নয়নমণি বৰ্মণ। ইয়াৰোপৰি বটদ্ৰৱা কাণ্ডৰ ক্ষীপ্ৰ আৰু সঠিক তদন্তৰ বাবে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধি আৰু উপ-পৰিদৰ্শক ইমদাদুল হুছেইনেও লাভ কৰিছে এই বিশেষ বঁটা। গুৰুত্বপূৰ্ণ যে,দেশৰ সৰ্বমুঠ 96 গৰাকী আৰক্ষী বিষয়াক প্ৰদান কৰা এই বঁটাৰ ভিতৰত নয়নমণি বৰ্মণে হৈছে এই বঁটা লাভ কৰা প্ৰথম APS বিষয়া ৷

Intro:SLUG :: অসম আৰক্ষীৰ তিনি গৰাকী বিষয়ালৈ কেন্দ্ৰীয় গৃহ বিভাগৰ বটা।

Body:O/C :: অসমৰ তিনিগৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহ বিভাগে প্ৰদান কৰিছে স্বীকৃতি। এই বিষয়া তিনিগৰাকীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে অনুসন্ধান পাৰদৰ্শিতা বঁটা।

Conclusion:V/O :: হাইলাকান্দি জোকাৰি যোৱা কিনিৰুং ৰিয়াং হত্যা কাণ্ডত আৰক্ষীত ভূমিকাক স্বীকৃতি কেন্দ্ৰৰ। হত্যা কাণ্ডৰ অনুসন্ধানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰকে প্ৰদান কৰিলে এই বটা। হাইলাকান্দিৰ উপ–আৰক্ষী অধীক্ষক নয়নমণি বৰ্মনলৈ প্ৰদান কৰা হৈছে এই স্বীকৃতি। কিনিৰুং ৰিয়াং হত্যাকাণ্ডৰ ক্ষীপ্ৰ আৰু সঠিক তদন্তৰ বাবে অসম আৰক্ষী সেৱাৰ এইগৰাকী বিষয়ালৈ আগবঢ়োৱা হৈছে এই বঁটা। যোৱা বছৰৰ ১৩ মাৰ্চত সংঘঠিত এই লোমহৰ্ষক হত্যাক‍াণ্ডৰ মাত্ৰ তিনি মাহৰ ভিতৰতে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰি চাৰ্জছিট দাখিল কৰিছিলে অাদালতত। অদালতে আৰক্ষীৰ এই তদন্তৰ ভিত্তিত অপৰাধী জছিম উদ্দিন বড়ভূঞাক প্ৰদান কৰিছিলে মৃত্যুদণ্ড। এই হত্যাকাণ্ডৰ তদন্তৰ বাবে হাইলাকান্দি আৰক্ষীয়ে গঠন কৰা SIT টিমৰ দায়িত্বত আছিলে উপ আৰক্ষী অধীক্ষক নয়ন মনি বৰ্মন। নয়ন মনি বৰ্মনৰ উপৰিও নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধি আৰু উপ–পৰিদৰ্শক ইমদাদুল হুছেইনেও লাভ কৰিছে এই বঁটা। বটদ্ৰৱা কাণ্ডৰ ক্ষীপ্ৰ আৰু সঠিক তদন্তৰ বাবে ৰায়মেধিলৈ আগবঢ়োৱা হৈছে এই স্বীকৃতি। দেশৰ মুঠ ৯৬গৰাকী আৰক্ষী বিষয়াই লাভ কৰিছে বঁটা। উল্লেখ নয়নমনি বৰ্মন এই বটা লাভ কৰা প্ৰথম APS বিষয়া।

byte :: Nayan Mani Barman, DSP Hailakandi 

#####
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.