ETV Bharat / state

কেতিয়ালৈ পুনৰুজ্জীৱিত হ'ব ৰাজ্যৰ দুয়োটা কাগজ কল

কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত হাইলাকান্দিত প্ৰতিবাদ ।

কেতিয়ালৈ পুনৰুজ্জীৱিত হ'ব ৰাজ্যৰ দুয়োটা কাগজ কল
কেতিয়ালৈ পুনৰুজ্জীৱিত হ'ব ৰাজ্যৰ দুয়োটা কাগজ কল
author img

By

Published : Sep 14, 2020, 7:10 PM IST

হাইলাকান্দি, 14 ছেপ্তেম্বৰ : ৰাজ্যত থকা দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত হাইলাকান্দিত সোমবাৰে বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পঞ্চগ্ৰামস্থিত কাছাৰ কাগজ কলৰ মুখ্যদ্বাৰৰ সম্মুখতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

ৰাজ্যৰ দুয়োটা কাগজ কল উদ্ধাৰৰ দাবীত হাইলাকান্দিত কেএমএছএছৰ প্ৰতিবাদ

দুয়োটা কাগজ কলক কাৰ্যক্ষম কৰি তোলাৰ বাবেই সোমবাৰে দিনৰ ভাগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন সংগঠনে । প্ৰতিবাদত অসম চৰকাৰ হায় হায়,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,কেন্দ্ৰীয় চৰকাৰ হায় হায়,উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকৰ দাবী অতি সোনকালে দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ লগতে 45 মাহৰ বকেয়া দৰমহা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

ৰাজ্যৰ দুয়োটা কাগজ কল উদ্ধাৰৰ দাবীত হাইলাকান্দিত এজেৱাইচিপিৰ প্ৰতিবাদ

উল্লেখ্য যে, আজি NCLTৰ অন্তিম শুনানি আৰু এই শুনানিত কাগজ কল দেউলীয়া ঘোষণা কৰিব পাৰিব আৰু এই ঘোষণা কৰাৰ আগতে চৰকাৰে যি এক মাহৰ সময় লৈছে সেয়া নাটক বুলি আখ্যা দিয়ে প্ৰতিবাদকাৰীসকলে । যদিহে এই দাবী চৰকাৰে পালন নকৰে তেতিয়া অনাগত দিনত ৰে'লপথৰ লগতে ৰাষ্টীয় ঘাইপথ ঘেৰাও কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ অনাগত দিনক বৰাকৰ 15জন বিধায়ক আৰু 2জন সাংসদৰ বাসগৃহও ঘেৰাও কৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.