ETV Bharat / state

অসম-মিজোৰাম সীমান্তত আজিও অব্যাহত আতংক - অসম-মিজোৰাম সীমান্ত

অসম মিজোৰাম সীমান্তৰ পৰিস্থিতিয়ে লৈছে কিছু স্বাভাৱিক ৰূপ ৷ ক্ৰমাৎ পৰিস্থিতি শান্ত হৈছে যদিও আজি পৰ্যন্ত গৃহহীন হৈ আছে অঞ্চলটোক বহু লোক ৷

অসম-মিজোৰাম সীমান্তত আজিও গৃহহীন বহু লোক

author img

By

Published : Feb 12, 2021, 9:07 AM IST

হাইলাকান্দি,12ফেব্ৰুৱাৰী : অসম-মিজোৰাম সীমান্তৰ কচু্ৰতলত সংঘটিত হোৱা ঘটনাই লৈছে কিছু স্বাভাৱিক ৰূপ ৷ কিন্তু ইয়াৰ পাচতো আজি পৰ্যন্ত আতংকত ভুগি আছে অঞ্চলটোৰ লোকসকল ৷ আজিও গৃহহীন কচুৰতলৰ গাঁৱৰ অৰ্ধশতাধিক পৰিয়াল ।

উল্লেখ্য যে, মঙলবাৰে নিশা হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ কচুৰতল অঞ্চলত অসমীয়া লোকৰ ২০ টাকৈ ঘৰ জ্বলাই দিছিল মিজোৰামৰ দিশৰ পৰা অহা দুৰ্বত্তই । বিগত কেইবাদিনো ধৰি অঞ্চলটোত প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত পথ নিৰ্মানক লৈ স্থানীয় ৰাইজ আৰু মিজো লোকৰ মাজত অব্যাহত আছে সংঘাত ৷ এটা পথ নিৰ্মাণত বাধা প্ৰদান কৰাৰ পাচতেই উত্তপ্ত হৈ পৰিছিল অঞ্চলটো,সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷

অসম-মিজোৰাম সীমান্তত আজিও গৃহহীন বহু লোক

প্ৰাপ্ত খবৰ অনুসৰি,মিজোৰামৰ দিশৰ পৰা অহা দুৰ্বৃত্তই অসম-মিজোৰাম সীমান্তৰ ঝালনাছড়া, গল্লাছড়া আদি গাঁৱত আক্ৰমণ চলাই অর্ধ শতাধিক অসমীয়া ৰাইজৰ ঘৰ জ্বলাই দিছিল ৷ বহু কেইজন অসমীয়া ৰাইজক মাৰপিট কৰি আহত কৰিছিল । আনকি, গাঁওসমূহত প্ৰৱেশ কৰি বোমা বিস্ফোৰণ আৰু গুলিচালনা কৰিবলৈ ভাবুকি প্ৰদান কৰিছিল অসমীয়া ৰাইজক ৷

গাঁওবাসীয়ে প্ৰকাশ কৰা অনুসৰি, এনে কার্যত মিজো দুৰ্বৃত্তক সহায় কৰিছিল মিজো আৰক্ষীয়ে । এই ঘটনা সংঘটিত হোৱাৰ পাচতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আতংকিত গাঁওবাসীয়ে নিজ ঘৰ-বাৰি এৰি প্ৰাণৰ মমতাত পলায়ণ কৰিছিল অন্য ঠাইলৈ ৷

ইয়াৰ পাছতে,ঘটনাস্থলীত উপস্থিত হৈছিল অসম আৰক্ষীৰ দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দীলিপ কুমাৰ দে,হাইলাকান্দিৰ জিলাৰ উপায়ুক্ত মেঘা নিধি দাহাল আৰু আৰক্ষী অধিক্ষক পবিন্দ্ৰ কুমাৰ নাথ ৷ আৰক্ষী বিষয়া কেইগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি শান্তি স্থাপন কৰি বাস কৰিবলৈ আহ্বান জনায় ৷

বৰ্তমান জিলাখনত স্বাভাৱিক পৰিৱেশে বিৰাজ কৰিছে বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা অসম সীমান্তত থকা গৃহহীন লোক সকলক সুৰক্ষা প্ৰদান কৰিবলৈ উক্ত স্থানত মোতায়ন কৰা হয় আৰক্ষী আৰু অৰ্ধসামৰিকৰ বাহীনিৰ লোক ৷

অন্য এক খবৰৰ বাবে: নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.