ETV Bharat / state

আৰক্ষীৰ জালত হাইলাকান্দি জিলাৰ অগপ সভাপতি

author img

By

Published : Oct 10, 2020, 12:29 PM IST

গ্ৰেপ্তাৰ হ’ল হাইলাকান্দি জিলাৰ অগপ সভাপতি আফতাব উদ্দিন। শিলচৰ বিমান বন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আফতাব উদ্দিনক। 40 লাখ টকাৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ ৷

ARREST AGP LEADER AFTAB UDDIN LASKAR AT HAILAKANDI
আৰক্ষীৰ জালত হাইলাকান্দি জিলাৰ অগপ সভাপতি

হাইলাকান্দি,10 অক্টোবৰঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল হাইলাকান্দি জিলাৰ অগপ সভাপতি আফতাব উদ্দিন লস্কৰ। শুকুৰবাৰে শিলচৰ বিমানবন্দৰৰ পৰা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লস্কৰক। গ্ৰেপ্তাৰ কৰিয়েই আৰক্ষীয়ে আফতাব উদ্দিন লস্কৰক হাইলাকান্দিলৈ লৈ আন‍ে । উল্লেখযোগ্য যে লক ডাউনৰ সময়ত হাইলাকান্দি জিলাৰ মোহনপুৰ সমবায় সমিতিত সংঘটিত হৈছিল প্ৰায় ৪০ লাখ টকাৰ চাউল আত্মসাতৰ ঘটনা। এই ঘটনাৰ মূখ্য অভিযুক্ত আছিল সমিতিখনৰ পৰিচালন সমিতিৰ সচিব আফতাব উদ্দিন লস্কৰ।

তেওঁৰ বিৰুদ্ধে হাইলাকান্দি জিলা প্ৰশাসনেও ৰজু কৰিছিলে গোচৰ। এই গোচৰৰ ভিত্তিত বিগত ৫ মাহৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আফতাব উদ্দিনক। যোৱা ৫ মাহৰ পৰা পলাতক হৈ আছিল আফতাব উদ্দিন লস্কৰ। ইপিনে, গ্ৰেপ্তাৰৰ পিছতে শিলচৰ বিমান বন্দৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আফতাব উদ্দিন লস্কৰে কয় যে, এয়া আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ ৰাজনৈতিক ষড়যন্ত্ৰ ।

ইপিনে হাইলাকান্দিৰ আলগাপুৰ বজাৰত অগপ কমী সকলে বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷প্ৰতিবাদকাৰী সকলে নিজাম চৌধুৰী হায় হায়, AIUDF মুদ্দাৰ্বাদ আদি শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে উল্লেখ কৰে যে, AIUDFৰ বিধায়ক নিজাম উদ্দিন চৌধৰীৰ ৰাজনৈতিক ষড়যন্তৰ বলি হৈছে অগপৰ জিলা সভাপতি আফতাব উদ্দিন লস্কৰ ।

লগতে পঢ়কঃ SI কেলেংকাৰীৰ আন এজন অভিযুক্তক আটক নলবাৰী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.