হাইলাকান্দি, 17 আগষ্ট : হাইলাকান্দি জিলাৰ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যলয়ৰ সন্মুখত শনিবাৰে হাইলাকান্দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত অংগণবাদী কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাইলাকান্দি জিলাৰ বহু সংখ্যক কৰ্মচাৰীয়ে পোৱা নাই 9 মাহৰ প্ৰাপ্য দৰমহা ৷ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া মধুমিতা নাথৰ বিৰুদ্ধে কামৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে অংগনবাদী কৰ্মচাৰী সকলে ৷ অংগনবাদী কৰ্মীসকলৰ নায্য দাবীক সমৰ্থন কৰি অংগণবাদী কৰ্মীসকলৰ প্ৰতিবাদ কাৰ্যসূচীক নেতৃত্ব দিয়ে "কৃষক মুক্তি সংগ্ৰাম সমিতি" সংগঠনটোৱে ৷ প্ৰতিবাদকাৰী সকলে প্ৰমিলা ৰাণী ব্ৰহ্ম হায় হায়, মধুমিতা ৰাণী হায় হা. আদি শ্ল'গানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী ৷
হাইলাকান্দিত অংগণবাদী কৰ্মীৰ প্ৰতিবাদ - Angadwadi worker's protest
হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত অংগণবাদী কৰ্মীৰ প্ৰতিবাদ
হাইলাকান্দি, 17 আগষ্ট : হাইলাকান্দি জিলাৰ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যলয়ৰ সন্মুখত শনিবাৰে হাইলাকান্দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত অংগণবাদী কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাইলাকান্দি জিলাৰ বহু সংখ্যক কৰ্মচাৰীয়ে পোৱা নাই 9 মাহৰ প্ৰাপ্য দৰমহা ৷ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া মধুমিতা নাথৰ বিৰুদ্ধে কামৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে অংগনবাদী কৰ্মচাৰী সকলে ৷ অংগনবাদী কৰ্মীসকলৰ নায্য দাবীক সমৰ্থন কৰি অংগণবাদী কৰ্মীসকলৰ প্ৰতিবাদ কাৰ্যসূচীক নেতৃত্ব দিয়ে "কৃষক মুক্তি সংগ্ৰাম সমিতি" সংগঠনটোৱে ৷ প্ৰতিবাদকাৰী সকলে প্ৰমিলা ৰাণী ব্ৰহ্ম হায় হায়, মধুমিতা ৰাণী হায় হা. আদি শ্ল'গানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী ৷
Body:O/C:- যোৱা নয় মাহ ধৰি দৰমহা বন্ধ থকাৰ প্ৰতিবাদত আন্দোলন নামিবলৈ বাধ্য হৈছে লালাৰ অঙ্গনওয়াড়ি কৰ্মী -সহায়িকা সকল । আজি পোৱাৰ পৰা হাইলাকান্দি জিলাৰ লালা আই সি ডি এস প্ৰকল্পৰ কেইবাশো কৰ্মী সহায়িকায় কাৰ্যালয়ৰ সন্মুখত ধৰ্না প্ৰদৰ্শন কৰি প্ৰতিবাদ জনায় । প্ৰতিবাদকাৰী সকলে ৰাজ্য চৰকাৰ হায় হায় , প্ৰমিলা ৰানী ব্ৰহ্ম হায় হায়, লালাৰ সি ডি পি ও হায় হায় আদি স্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে । অহা এক সপ্তাহৰ ভিতৰত তেওঁলোকৰ দৰমহা দিয়া নহলে তেঁওলোকে ৩৫৪ টা অঙ্গনওয়াড়ি কেন্দ্র বন্ধ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এই সকল কৰ্মচাৰী সকলে।।Conclusion: