ETV Bharat / state

হাইলাকান্দিত যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীৰ পুত্তলিকা দাহ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে মনাছড়া আৰু আয়নাখালৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ইপিনে সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ Agriculture Reform Bill ৰ স'তে সংগতি ৰাখি খাদ্য সুৰক্ষা আইনৰ সংশোধন বিলখন সংসদত গৃহীত কৰাক লৈও প্ৰতিবাদ কৰে ৷

author img

By

Published : Sep 23, 2020, 6:33 PM IST

AJYCP burns effigy of Supply Minister Phani Bhusan Choudhury in Hailakandi
হাইলাকান্দিত যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীৰ পুত্তলিকা দাহ কৰে AJYCP এ

হাইলাকান্দি,23 ছেপ্তেম্বৰঃখাদ্য সামগ্ৰী মূল্য বৃদ্ধিৰ প্ৰতিবাদত হাইলাকান্দিত বুধবাৰে যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীৰ পুত্তলিকা দাহ কৰা হয় ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে মনাছড়া আৰু আয়নাখালৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ইপিনে সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ Agriculture Reform Bill ৰ স'তে সংগতি ৰাখি খাদ্য সুৰক্ষা আইনৰ সংশোধন কৰি সংসদত গৃহীত কৰাক লৈও প্ৰতিবাদ কৰে ৷

সংগঠনটোৰ দাবী,এই সংশোধনী অনুসৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত নাথাকিব আলু,পিঁয়াজ,দাইলৰ দৰে খাদ্য-সামগ্ৰী ৷ এই সামগ্ৰী সমূহৰ মূল্য নিয়ন্ত্ৰণত থাকিব কেন্দ্ৰীয় চৰকাৰ ৷ ইয়াৰ লগতে এইক্ষেত্ৰত যোগান বিভাগ বা অন্য কোনো চৰকাৰী বিভাগৰ নিয়ন্ত্ৰণ নাথাকিব । যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ এই নীতি সম্পূৰ্ণ জনবিৰোধীৰ কাৰ্যৰ ফলত অসাধু ব্যৱসায়ীয়ে কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নিদিব বুলি মন্তব্য কৰে সংগঠনটোৰ সদস্যই ৷ আনহাতে, চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত দিনতো প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে ৷

লগতে পঢ়কঃঅসম আৰক্ষীৰ SI বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.