হাইলাকান্দি, 27 জুলাইঃ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বৰ্তমান লক্ ডাউন ৷ আনহাতে, 1 আগষ্ট শনিবাৰে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো পালন কৰা হ'ব পবিত্ৰ ঈদ উল জোহা ৷ সেয়ে মুছলমান ধৰ্মাৱলম্বী লোকসকলক মুকলি মনেৰে ঈদ উল জোহা উদযাপনৰ উদ্দেশ্যে লক ডাউন কিছু শিথিল কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই হাইলাকান্দি জিলাৰ অধিবক্তা মোফাজল হুছেইন বৰভূইয়াই ৷
1 আগষ্ট শনিবাৰে ৰাজ্যত আন্তঃজিলা যাতায়ত মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰক এখন সংবাদ মেলৰ জৰিয়তে আহ্বান জনাই অধিবক্তাগৰাকীয়ে ৷ যাতে সকলো মুছলমান ধৰ্মাৱলম্বী লোকে আগন্তুক উৎসৱটি মুকলি মনেৰে পালন কৰিব পাৰে ৷
লগতে পঢ়কঃ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত কাৰ্গিল বিজয় দিৱস পালন
উল্লেখ্য যে, ঈদ মুছলমান ধৰ্মাৱলম্বীসকলৰ বাবে অতি বিশেষ উৎসৱ ৷ ই এক ভাতৃত্ব বোধৰ উৎসৱ ৷ বিগত ঈদ উল ফিতৰো যিহেতু লক ডাউনৰ মাজতে অনুষ্ঠিত কৰিবলগীয়া হৈছিল ৷ সেয়ে ঈদ উল জোহাৰ বাবে ৰাজ্য চৰকাৰক কিছু চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনাইছে অধিবক্তাগৰাকীয়ে ৷