হাইলাকান্দি, 5 জুনঃ বৰাক উপত্যকাত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাৰ পাচতেই তৎপৰ জিলা প্ৰশাসন । ততাতৈয়াকৈ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ 100 টাকৈ পৰিয়ালক । যোৱা দুদিন পূৰ্বে ভূমিস্খলনৰ ফলত বৰাক উপত্যকাত মৃত্য়ু হৈছিল 20 জনকৈ লোকৰ । তাৰ পাচতেই হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ অন্তৰ্গত বাশবাৰি,ভাটীৰকোপা,চণ্ডীপুৰ গ্ৰান্টৰ প্ৰায় 50 টা পৰিয়ালক আশ্ৰয় শিবিৰত স্থানান্তৰ কৰা হয় ।
আনহাতে আশ্ৰয় শিবিৰত থকা পৰিয়াল সকলৰ মাজত খাদ্য সামগ্ৰীৰ অভাৱে দেখা দিছে বুলি অভিযোগ উত্থাপন হৈছে । এই সকল দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালৰ খবৰ ল'বলৈ শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হয় আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী । ভুক্তভোগীৰ সৈতে কথা-বাৰ্তা পতাৰ লগতে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই সকল দুখীয়া লোকক চৰকাৰি সাহাৰ্য প্ৰদানৰ আহ্বান জনায় ।
লগতে পঢ়কঃ কৃষকৰ আত্মহত্যাক লৈ উত্তৰ প্ৰদেশ চৰকাৰক কটু সমালোচনা প্ৰিয়ংকা গান্ধীৰ