গোলাঘাট,২৫ এপ্ৰিল: আজি বিশ্ব মেলেৰীয়া দিৱস(World Malaria Day) । বিভিন্ন প্ৰান্তত আয়োজন বিভিন্ন সজাগতামূলক কাৰ্যসূচী (Awareness programme on the occasion of World Malaria Day)। সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তটো কেতবোৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় । ব্য়তিক্ৰম নহয় গোলাঘাট ।
গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই উলিয়ালে সজাগতা ৰেলী পদৰ্শন কৰে বাটৰ নাট (Street play on World malaria day)। গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা মেলেৰীয়াৰ দৰে মাৰাত্মক ৰোগৰ পৰা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেই গোলাঘাট মেলেৰীয়া বিভাগৰ উদ্যোগত এক সজাগতা মূলক ৰেলী উলিয়াই । লগতে নগৰৰ বাটা পইণ্টত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।
জনসাধাৰণে এই মাৰাত্মক ৰোগৰ পৰা কেনেদৰে নিজকে ৰক্ষা কৰিব পাৰে সেই উদ্দেশ্যৰে ৰেলী আৰু বাটৰ নাট প্ৰদৰ্শন কৰা হয় বুলি মেলেৰীয়া বিভাগৰ বিষয়া ডাঃ নবনিতা দাসে জানিবলৈ দিয়ে ।