গোলাঘাট, 12 জুন : গোলাঘাট জিলাৰ নমলীগড়ৰ এন আৰ এল বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত অঘটন । কাম কৰি থকা অৱস্থাত পিছলি পৰি শ্ৰমিকৰ মৃত্যু হয় ৷ নুমলীগড় শোধনাগাৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ মেৰামতিৰ কামত নিয়োজিত হৈ থকা শ্ৰমিকজনৰ নাম বলেন গগৈ ৷
তৈয়ৱ আলি নামৰ ঠিকাদাৰগৰাকীৰ অধীনত কাম কৰি থকা অৱস্থাত মৃত্যু হয় নুমলীগড়ৰ ধোদাঙৰ বলেন গগৈ নামৰ ব্যক্তিজনৰ । চিকিৎসালয়খনত মেৰামতিৰ কাম কৰি থকা অৱস্থাত হঠাৎ পিছলি পৰি মূৰত আঘাত পোৱাৰ ফলত মৃত্যু হয় যুৱক জনৰ ৷
শ্ৰমিকসকলৰ মতে ঠিকাদাৰে যাৱতীয় হেলমেট, চেফটি শ্বু আদি যোগান নধৰি শ্ৰমিকৰ পৰা কাম আদায় কৰিব বিচৰা কাৰ্যৰ বাবেই এনে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । আৰক্ষীক এই ক্ষেত্ৰত উচিত তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বৃহত্তৰ ৰিফাইনেৰী শ্ৰমিক সংগঠনে ।
লগতে পঢ়ক :অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ