ETV Bharat / state

আকৌ নিমাতীৰ ফেৰী দুৰ্ঘটনা সদৃশ পৰিৱেশৰ সৃষ্টি হ’ব নেকি বোকাখাতত ? - Demand for a bridge to Majuli

8 ছেপ্টেম্বৰৰ নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনা(Nimatighat boat tragedy)ৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কথা দিলে মাজুলীলৈ এখন দলং এইবাৰ নিৰ্মাণ হ’ব ৷ কিন্তু, দলং নোহোৱাৰ বাবেই ৰাজ্যৰ বহু প্ৰান্তত এতিয়াও এনে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ পঢ়ক এই বিষয়ৰে আমাৰ এক বিশেষ প্ৰতিবেদন ৷

without-a-bridge-people-are-taking-dangerous-boat-ride-in-nikarigaht-assam
আকৌ নিমাতী ঘাটৰ ঘটনা সদৃশ পৰিৱেশৰ সৃষ্টি হ’ব নেকি ?
author img

By

Published : Dec 14, 2021, 8:53 PM IST

বোকাখাট, 14 ডিচেম্বৰ : আমাক এখন দলং লাগে ! এটা পুৰণি দাবী, যোৱা 8 ছেপ্টেম্বৰৰ নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনা(Nimatighat boat tragedy)ৰ পিছত অৱশ্যে এই দাবীত সমস্বৰে চিঞৰিলে ৰাজ্য বাসীয়ে(Demand for a bridge to Majuli) ৷ মুখ্যমন্ত্ৰীয়ে কথা দিলে বহু দিনৰ পৰা হ’ব হ’ব বুলি আলোচিত হৈ থকা দলংখন এইবাৰ হেনো সম্পূৰ্ণ হ’ব ৷ পিছে এখন দলঙৰ দাবী অকল মাজুলীবাসীয়েই কৰা নাই ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এখন দলঙৰ বাবে প্ৰাণ হেৰুৱাইছে বহুজনে ৷ কেৱল এখন দলং নোহোৱাৰ বাবে প্ৰাণ হেৰুওৱা মানুহৰ হিচাপ আমি আগতেও দিছো ৷

পিছে, এই একোখন দলং নোহোৱাৰ বাবেই টুলুং-ভুটুং নাৱত কোনো প্ৰসূতিয়ে সন্তান জন্ম দিয়াৰ দৰে ঘটনাৰো বহুবাৰ সাক্ষী হৈছে এইখন অসম ৷ সময়ত নাও নাপাই চাকৰিৰ ইন্টাৰভিউ, পৰীক্ষা গৃহত সময় মতে উপস্থিত হ’ব নোৱাৰাজনৰ কথা নকলোৱেই যেনিবা ৷ একেদৰেই এখন দলঙৰ অপেক্ষাত আছে বোকাখাতৰ নিকৰিঘাটবাসী ৷ ধনশিৰি নদীৰ ওপৰেৰে আজিও টুলুঙা নাৱেৰে যাতায়ত কৰি আছে দৈনিক শ শ গঞাই(Dangerous boat ride in Dhanshiri river) ৷

আকৌ নিমাতী ঘাটৰ ঘটনা সদৃশ পৰিৱেশৰ সৃষ্টি হ’ব নেকি ?

বোকোচাত এটা কেঁচুৱা লৈ বহু মহিলাই বিপদসংকুলভাৱে নাৱেৰে যাত্ৰা কৰিছে ৷ পিছে, এটা ডাঙৰ বিপদ নোহোৱালৈকে হয়তো তেওঁলোকৰ খবৰ কোনেও নলয় ৷

বিভিন্ন সময়ত জৰুৰী কালীন পৰিস্থিতিত এই অঞ্চলৰ ৰাইজে এখন দলং নোহোৱাৰ বাবেই নেদেখা জনকে শেষ ভৰষা কৰে । এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ স্থানীয় ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷ পিছে, খোদ ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী অতুল বৰাৰৰ গৃহ সমষ্টি(Minister Atul Bora's home constituency)ৰ এই অঞ্চলবাসীৰ হৈ, 'আমাক এখন দলং লাগে' বুলি কোৱা জন প্ৰতিনিধিৰ অভাৱতে হয়তো আজিও, টুলুঙা নাওবোৰেই হৈ আছে ৰাইজৰ শেষ ভৰষা ৷

লগতে পঢ়ক : Road Accident in Morigaon : সুখকৰ নহ’ল জন্মদিনৰ পাৰ্টী, পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.