গোলাঘাট, 11 ডিচেম্বৰ : গোলাঘাট জিলাৰ নামবৰ বনাঞ্চলৰ কাষৰীয়া বহুতো অঞ্চলত এতিয়া বন্যহস্তীৰ উপদ্ৰৱ (Elephant menace in Nambar) ৷ থূৰামুখ চাহ বাগিচাত বনৰীয়া হাতীয়ে ভাঙিলে কেইবাটাও বাসগৃহ ৷
এটা বৃহৎ বনৰীয়া হাতীৰ জাকে বহুদিন ধৰি মৰঙী মৌজাৰ বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই ৰাইজক আতংকিত কৰি আহিছে ৷ শুকুৰবাৰে নিশা নামবৰ বনাঞ্চলৰ কাষৰীয়া জুৰীয়া দলং খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ থূৰামুখ অঞ্চলত হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা হাতীয়ে কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে (man elephant conflict) ৷
ইফালে চৰকাৰ তথা বন-বিভাগক ক্ষুৰধাৰ সমালোচনা কৰিছে ভুক্তভোগী জনতাই ৷ বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: হাতী বুলি গুলীয়ালে মাতৃ-কন্যাক, চাওক ক’ত সংঘটিত হৈছে এই কাণ্ড