ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ: সাধাৰণ জনতাই কটাইছে বিনিদ্ৰ ৰজনী - Wild elephant menace

ৰাজ্যত অব্যাহত বন্য়হস্তীৰ ত্ৰাস(Wild elephant menace) । প্ৰতিদিনেই বন্যহস্তীয়ে চলাই গৈছে উপদ্ৰৱ । নষ্ট কৰিছে ব্য়ক্তিগত তথা সামাজিক প্ৰতিষ্ঠানৰ আচবাব । বনৰীয়া হাতীৰ আক্ৰমণত বহুজন আহত হোৱাৰ উপৰিও প্ৰাণ হেৰুৱাইছে বহুজনে । হস্তী-মানৱৰ সংঘাত ৰোধত বনবিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ ।

wild elephant terror in different parts of the state
ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ
author img

By

Published : Apr 12, 2022, 8:48 PM IST

নিউজ ডেস্ক, ১২ এপ্ৰিল: ৰাজ্যত প্ৰতিদিনেই অব্যাহত বন্যহস্তীৰ তাণ্ডৱ (Wild elephant menace in Assam) । বন্যহস্তীৰ উপদ্ৰৱত প্ৰতিদিনেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে । প্ৰতিদিনেই বন্যহস্তীৰ উপদ্ৰৱৰ সন্মুখীন হৈ অস্বস্তিত ভুগিছে নুমলীগড়বাসীয়ে ।

পুনৰ নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱ(Wild elephant infestation in Numaligarh) । বিহৰা চাহবাগিচাত বন্যহস্তীৰ এটা বৃহৎ জাকে তাণ্ডৱ চলাই বাগিচাখনত থকা এখন বিদ্যালয় আৰু শ্ৰমিকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে । নিশা প্ৰায় ১০ মান বজাত অহা বন্য়হস্তীৰ জাকটোৱে বিহৰা বাগিচাৰ এখন বিদ্যালয়ৰ পকী দেৱাল ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিদ্যালয়খনৰ আচবাব পত্ৰৰো যথেষ্ট ক্ষতিসাধন কৰে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ: সাধাৰণ জনতাই কটাইছে বিনিদ্ৰ ৰজনী

ইফালে বাগিচাখনৰ বিহৰা নতুন লাইনৰ আকাশ নায়ক নামৰ শ্ৰমিকজনৰ ঘৰটোৰ ভাঙি তহিলং কৰে বন্য়হস্তীৰ জাকটোৱে । হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পলায়ণ কৰোতেই কিছু পৰিমাণে আহত হয় আকাশ নায়ক আৰু তেওঁৰ পত্নী বাবলী নায়ক । উল্লেখ্য বন্যহস্তীৰ উপদ্ৰৱৰ ফলত অঞ্চলটোৰ ৰাইজে প্ৰায়েই উজাগৰী নিশা কটাবলগীয়া হয় ।

ইফালে, ডিব্ৰুগড়ৰ গৰুধৰীয়া পথাৰত অঘটন । গৰুধৰীয়া পথাৰত হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ(One killed in elephant attack) । পুৱা মাছ মাৰিবলৈ যাওতেই হাতীৰ গছকত থিতাতে প্ৰাণ হেৰুৱাই লোকজনে । নিহত যুৱকজন লেজাই শিঙিবিলৰ মেঘনাথ গোৱালা ।

লগতে পঢ়ক: তিনিচুকীয়াত অস্ত্ৰসহ গ্ৰেপ্তাৰ APLA কেডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.