ETV Bharat / state

বহিঃবিশ্বৰ সৈতে সংযোগ হেৰুৱালে সৰুপথাৰৰ বহু গাঁৱৰ ৰাইজে - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গোলাঘাটৰ বৰচাপৰি আৰু পাৰঘাট সংযোগী ধনশিৰি নদীৰ ওপৰত থকা বাঁহৰ দলং উটুৱাই নিলে ধনশিৰিৰ সোঁতে । দীৰ্ঘদিন ধৰি চৰকাৰী পক্ষৰ হেমাহিৰ বাবে এখন পকী দলং লাভ নকৰাত অঞ্চলবাসী ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি উলিয়াইছিল বাঁহৰ দলংখন ৷ এতিয়া নৈৰ সোঁতত একমাত্ৰ দলংখন হেৰুৱাই বহিঃবিশ্বৰ সৈতে সংযোগ হেৰুৱাই পেলাইছে ৰাইজে ৷

villages-lost-connection-with-outer-world-as-dhansiri-river-took-away-the-only-bamboo-bridge-they-had
ধনশিৰিৰ সোঁতত বহিঃবিশ্বৰ সৈতে সংযোগ হেৰুৱালে সৰুপথাৰৰ বহু গাঁৱৰ ৰাইজে
author img

By

Published : Jul 15, 2021, 10:03 PM IST

গোলাঘাট, 15 জুলাই : গোলাঘাট জিলাৰ পাৰঘাট ধোদৰ আলিৰ সমীপৰ ধনশিৰি নদীৰ ওপৰত থকা এখন বাঁহৰ দলং উটুৱাই নিলে ধনশিৰি নৈ(Dhansiri river)ৰ সোঁতে। উল্লেখযোগ্য যে, খুমটাই আৰু সৰুপথাৰ সমষ্টি(Sarupathar LAC)ৰ মৰঙি মৌজাৰ বৰচাপৰি, পংকা আদি গাঁৱৰ ৰাইজৰ বহিঃবিশ্বৰ সৈতে যোগাযোগ কৰাৰ একমাত্ৰ মাধ্যম আছিল এই বাঁহৰ দলং(Bamboo bridge) খন ৷ বিভিন্ন সময়ত চৰকাৰক নিজৰ সমস্যাৰ কথা অৱগত কৰিও এখন দলং লাভ নকৰাত গঞা ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি লৈছিল উক্ত বাঁহৰ দলংখন ৷

ধনশিৰিৰ সোঁতত বহিঃবিশ্বৰ সৈতে সংযোগ হেৰুৱালে সৰুপথাৰৰ বহু গাঁৱৰ ৰাইজে

উল্লেখযোগ্য যে, গাঁও কেইখনৰ পৰিয়াল সমূহৰ সমূহীয়া প্ৰচেষ্টাত নিৰ্মিত দলংখন নিজৰ দলীয় কাৰ্যসূচী লৈ উদ্বোধন কৰিছিল সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে(Sarupathar MLA Bishwajit Phukan) ৷ কিন্তু, ধনশিৰি নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত নদীখনৰ সোঁতে ৰাইজৰ একমাত্ৰ আশা ভৰষাৰ থল বাঁহৰ দলংখন উটুৱাই নিয়ে ৷ এতিয়া বহিঃবিশ্বৰ সৈতে সংযোগ হেৰুৱাই পোলোৱা পৰিস্থিতিৰ উদ্ভৱ হোৱাত উপায়হীন হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷

মন কৰিব লগীয়া বিষয় যে, চৰকাৰ গঠনৰ মাত্ৰ দুমাহ হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন(CM Himanta Bishwa Sarma lead government) চৰকাৰখনে ৰাজ্যবাসীৰ সমস্যা সমূহক লৈ প্ৰদৰ্শন কৰিছে ব্যাপক তৎপৰতা ৷ কিন্তু, এখন দলং নতুবা এটা পকী পথ বিচাৰি যুগে যুগে কৰাৰ অপেক্ষাৰ নতুন চৰকাৰখনে অৱসান ঘটাব বুলি ৰাজ্যৰ বহু অঞ্চলৰ ৰাইজে আশাৰে বাট চাই ৰৈছে ৷ এনে সময়ত, এতিয়া চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : অখিল গগৈক বহিষ্কাৰৰ হুমকি অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.