ETV Bharat / state

প্ৰাক্তন সাংসদ ভদ্ৰেশ্বৰ তাঁতীৰ বিয়োগত শোকস্তব্ধ গুণমুগ্ধ

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 6:44 PM IST

অসমৰ প্ৰবীণ ৰাজনীতিবিদ ভদ্ৰেশ্বৰ তাঁতীৰ বিয়োগ । বাৰ্ধক্যজনিত কাৰণত মৃত্যুক আঁকোৱালি লয় জ্যেষ্ঠ নেতাজনে ৷

Veteran Assam politician Bhadreshwar Tanti passes away
ভদ্ৰেশ্বৰ তাঁতীৰ বিয়োগ
ভদ্ৰেশ্বৰ তাঁতীৰ বিয়োগ

গোলাঘাট, 4 ডিচেম্বৰ : সোমবাৰে প্ৰবীণ ৰাজনীতিবিদ ভদ্ৰেশ্বৰ তাঁতীৰ বিয়োগ ঘটে ৷ নুমলীগড়ৰৰ বিবেকানন্দ কেন্দ্ৰ হাস্পতালত কালি ভৰ্তি হৈছিল তেওঁ ৷ ভদ্ৰেশ্বৰ তাঁতীয়ে বাৰ্ধক্যজনিত কাৰণত মৃত্যুক আঁকোৱালি লয় বুলি জানিব পৰা গৈছে ৷ স্থানীয় ব্যক্তিয়ে জানিবলৈ দিয়া অনুসৰি, কালি অকস্মাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ তেওঁ যাবলৈ বিচৰা নাছিল যদিও গুণমুগ্ধই তেওঁক হাস্পতাললৈ লৈ যায় ৷ আজি প্ৰায় 11 মান বজাত তেওঁৰ মৃত্যুৰ কথা সদৰী কৰে চিকিৎসকে ৷

ভদ্ৰেশ্বৰ তাঁতী সন্দৰ্ভত স্থানীয় ৰাইজে কয় যে, তেওঁ সদায় সকলোৰে সহায়ৰ বাবে সাজু হৈ থাকে ৷ কেৱল পৰিয়ালৰ লোকৰ বাবেই নহয়, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবেই তেওঁ আগবাঢ়ি যায় ৷ আজি ৰাজনৈতিক নেতাজনৰ মৃত্যুত এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ৷ ওচৰ চুবুৰীয়াই জানিবলৈ দিয়া অনুসৰি, যিকোনো ধৰণৰ বিপদৰ আলোচনাৰ বাবে তেওঁলোক ভদ্ৰেশ্বৰ তাঁতীৰ কাষ চাপিছিল ৷ সকলোৰে সৈতে সহজেই মিলি যোৱা স্বভাৱটোৰ বাবে তেওঁ সকলোৰে মাজত এজন প্ৰিয় নেতা হিচাপে চৰ্চিত আছিল ৷ সমগ্ৰ অসমৰ লগতে গোলাঘাট তথা সৰুপথাৰ সমষ্টিৰ বাবে বহুখিনি কৰি থৈ গৈছে বুলি সকলোৱে একমুখে উল্লেখ কৰে ৷

কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আছিল ভদ্ৰেশ্বৰ তাঁতী ৷ অসম গণ পৰিষদ দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াই ১৯৮৫ চনত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ভদ্ৰেশ্বৰ তাঁতী । অসম গণ পৰিষদ দললৈ বিশেষ অৰিহণা আছে ভদ্ৰেশ্বৰ তাঁতীৰ ৷ তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেখেতৰ বাসভৱনত ভিৰ কৰেহি গুণমুগ্ধই ৷

ৰাজনৈতিক জীৱনটো উত্থান-পতনৰ মাজেৰে পাৰ কৰা নেতাগৰাকীয়ে সংসদৰ মজিয়াত ইংৰাজী ভাষাত জনসাধাৰণৰ সমস্যাসমূহ দাঙি ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ উপৰিও তেখেতে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা হিচাপেও ৰাইজক সেৱা আগবঢ়াইছিল । আঞ্চলিকতাবাদী ভেটি মজবুত কৰাৰ স্বাৰ্থত সৰ্বোচ্চ উজাৰি দিয়া আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ নেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ বৃহৎত্তৰ মৰঙী মৌজাৰ লগতে সমগ্ৰ ৰাজ্যবাসী ।

লগতে পঢ়ক : জীৱন বাটৰ নাট সামৰিলে ৯০ দশকৰ অসমৰ ৰকষ্টাৰ অৰুণ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.