ETV Bharat / state

খুমটাইৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ আৱাসীক যোগাভ্যাস

author img

By

Published : May 30, 2020, 10:12 AM IST

খুমটাইৰ আধাৰসত্ৰৰ বহু মূখী প্ৰকল্পৰ কোৱাৰেণ্টাইন চেণ্টাৰত দেখিবলৈ পোৱা গ'ল অন্য এক দৃশ্য । কোৱাৰেণ্টাইন চেণ্টাৰত থকা সমষ্টিৰ ২০ গৰাকী লোকক সামাজিক দূৰত্ব বজাই ৰাখি দিয়া হৈছে যোগাসনৰ প্ৰশিক্ষণ ।

Unique quarantine center at khumtai
খুমটাইৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ আৱাসীক যোগাভ্যাস

খুমটাই, 30মে : ৰাজ্যৰ ভিতৰতে এক ব্যতিক্ৰমী কোৱাৰেণ্টাইন কেন্দ্ৰ চিহ্নিত হৈছে খুমটাইৰ কোৱাৰেণ্টাইন চেণ্টাৰ l কেন্দটোত কোৱাৰেণ্টাইন হৈ থকা লোকসকলক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰিবলৈ দিয়া হৈছে যোগাসন । এই কোৱাৰেণ্টাইন কেন্দ্ৰটো হ'ল খুমটাইৰ আধাৰসত্ৰৰ বহুমূখী প্ৰকল্পৰ কোৱাৰেণ্টাইন কেন্দ্ৰ । ৰাজ্যৰ ভিতৰত এক ব্যতিক্ৰমী কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে খুমটাইৰ এই কোৱাৰেণ্টাইন কেন্দ্ৰটো । খুমটাইৰ সমীপৰ আধাৰসত্ৰৰ বহুমুখী প্ৰকল্প গৃহত খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াৰ তত্ত্বাৱধানত আৰু আধাৰসত্ৰ বাসী ৰাইজৰ সহযোগত চলিছে এই কোৱাৰেণ্টাইন কেন্দ্ৰ ।

কেন্দ্ৰটোত থকা লোকসকলক কৰ'ণাৰ বিৰুদ্ধে যুঁজৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰিবলৈ দিয়া হৈছে যোগাসনৰ প্ৰশিক্ষণ । সামাজিক দুৰত্ব বজাই ৰাখি কেন্দ্ৰত থকা ২০ গৰাকী লোকক দিয়া হৈছে যোগাসনৰ প্ৰশিক্ষণ । উক্ত কেন্দ্ৰটোত খাদ্য যোগান, অন্যান্য সা-সুবিধাৰ নিৰীক্ষণ কৰিছে বিধায়ক মৃনাল শইকীয়াই আৰু অঞ্চলটোৰ ৰাইজে । গোলাঘাট জিলাত কৰ'ণা সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে এনেধৰণৰ ইতিবাচক কাৰ্যৰ ভূয়সী প্ৰশংসা কৰে বিভিন্ন মহলে ।

লগতে পঢ়কঃ লকডাউনৰ নিয়ম উলংঘা কৰি মহানগীৰত সুৰামত্ত গাড়ীচালকৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.