গোলাঘাট,৬ জুনঃ আলকাতৰা কঢ়িয়াই এখন টেংকাৰ জব্দ হ'ল গোলাঘাটৰ তেতেলীতলত । ভুৱা চালানেৰে পেট্ৰ'ল কঢ়িওৱা টেংকাৰত আলকাতৰা কঢ়িওৱাৰ ফলত টেংকাৰখন জব্দ কৰে গোলাঘাট আৰক্ষীয়ে । AS_01_BC_6661 নম্বৰৰ টেংকাৰখনৰ নুমলীগড় শোধনাগাৰৰ পৰা মেঘালয়ৰ এটা পেট্ৰ'ল ডিপোলৈ পেট্ৰ'ল কঢ়িওৱাৰ অনুমতি আছে যদিও শোধনাগাৰ কৰ্তৃপক্ষৰ চকুত ধূলি মাৰি কঢ়িয়াইছিল পকী পথ নিৰ্মাণৰ বাবে ব্যৱহৃত আলকাতৰা জাতীয় পদাৰ্থ । ৰঙিয়াৰ পৰা জামুগুৰিলৈ এক ভুৱা চালান তৈয়াৰ কৰি তেল কঢ়িওৱাৰ নামত আনিছিল এই আলকাতৰা জাতীয় পদাৰ্থ । AVM FUELS PVT LTD নামৰ প্ৰতিষ্ঠানটোৰ ৰঙিয়াৰ পৰা বোকাখাতৰ MP AGARWALLA লৈ তেল কঢ়িওৱা এই চালান খন এখন ভুৱা চালান বুলি সন্দেহ কৰা হৈছে । ইতিমধ্যে গাড়ীখন জামুগুৰিলৈ গৈ থকা অৱস্থাত গোলাঘাটৰ আৰক্ষীয়ে তেতেলীতলত জব্দ কৰে ।
উল্লেখ্য যে,নুমলীগড় শোধনাগাৰ লিমিটেডৰ অধীনত চলা ভাৰত পেট্ৰ'লিয়ামৰ এই টেংকাৰ নুমলীগড় শোধনাগাৰৰ পৰা মেঘালয়ৰ তেল ডিপোলৈ পেট্ৰ'ল কঢ়িওৱাৰ অনুমতিহে প্ৰদান কৰা আছে । তেনে ক্ষেত্ৰত পকী পথ নিৰ্মাণত ব্যৱহাৰ হোৱা আলকাতৰা জাতীয় পদাৰ্থ কেনেকৈ কঢ়িয়াব পাৰিলে সেয়াহে ৰহস্যজনক বিষয় । বোকাখাতৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হিচাপে পৰিচিত এম পি আগৰৱালাই এনে অনিয়ম কৰা কাৰ্যৰ উপযুক্ত তদন্ত হ'ব নে বুলি এতিয়া সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ।