গোলাঘাট, 13 মে’: এটা সপ্তাহত গোলাঘাট জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত 20 হাজাৰ গছপুলি ৰোপণৰ লক্ষ্যৰে গোলাঘাটত সোমবাৰে পালন কৰা হয় 39 সংখ্যক সেউজী সপ্তাহ । গোলাঘাট বন সংমণ্ডল আৰু সামাজিক বনানীকৰণৰ সৌজন্যত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত এই সেউজী সপ্তাহৰ আয়োজন কৰা হয় ৷
গোলাঘাটৰ ৰাজহুৱা সমন্বয় ক্ষেত্ৰত গোলাঘাটৰ জিলা উপায়ুক্ত ধীৰেন হাজৰিকা, গোলাঘাট জিলা বনাঞ্চলিক বিষয়া ভাস্কৰ ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰে গছপুলি ৰোপণেৰে সেউজী সপ্তাহৰ শুভাৰম্ভ কৰে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বহু মূল্যবান গছৰ পুলি বিতৰণ কৰে উপায়ুক্ত আৰু বন বিভাগৰ বিষয়া সকলে । জিলা উপায়ুক্ত ধীৰেন হাজৰিকাই গছ পুলি ৰোপন কৰি কয় যে গছপুলি ৰোপন কৰিলেই নহ’ব, তাৰ সঠিক প্ৰতিপালন লাগিব । লগতে অন্যন্য দেশৰ তুলনাত ভাৰতবৰ্ষত একোজন মানুহৰ বিপৰীতে মাত্ৰ ২৮ জোপা গছহে আছে বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে এই সমিক্ষা অনুসৰি আমি লক্ষ্য লক্ষ্য গছপুলি ৰোপণ কৰিব লাগিব ।