ETV Bharat / state

আমাক গুলীয়াই মাৰক, নহ’লে স্থায়ী সমাধান দিয়ক : কোনে কৰিলে এই আহ্বান ? - বন্য হস্তীৰ আক্ৰমণ

কেতিয়াবা যদি, হাতীৰ পৰা সম্পত্তি ৰক্ষা কৰিবলৈ মানুহে পাতি থোৱা মৰণ ফান্দত ভৰি দি প্ৰাণ হেৰুৱাইছে গজৰাজে ৷ আকৌ, কেতিয়াবা গজৰাজৰ গচকত প্ৰাণ হেৰুৱাইছে কোনোৱে ৷ এক কথাত যেন এক কাহানিও কেতিয়াও অন্ত নপৰা এক সমস্যাত পৰিণত হৈছে হাতী-মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ শেহতীয়াকৈ গোলাঘাটত সংঘটিত বন্যহস্তীৰ আক্ৰমণৰ এক ঘটনাৰ পিচত এতিয়া ৰাইজে মুখ্যমন্ত্ৰীক কৈছে ''আমাক গুলীয়াই মাৰক, নহ’লে স্থায়ী সমাধান দিয়ক'' ৷

tired-with-elephant-attacks-people-asks-cm-to-shoot-them
Man elephant conflict : উপায়হীন ৰাইজে ক’লে, স্থায়ী সমাধান কৰিব নোৱাৰিলে আমাক গুলীয়াই মাৰক
author img

By

Published : Apr 26, 2022, 8:10 PM IST

গোলাঘাট, 26 এপ্ৰিল : এক দীৰ্ঘ দিনীয়া সমস্যাৰ সৈতে এখন যুঁজ অব্যাহত আছে অসমবাসীৰ ৷ হাতী-মানুহৰ সংঘাতৰ এই সমস্যাত ইতিমধ্যে জীৱন আৰু সম্পত্তি হেৰুৱাইছে বহুজনে ৷ প্ৰতি নিয়ত সংকিত হৈ আছে বহুজন ৷ এক কথাত যেন এক কাহানিও কেতিয়াও অন্ত নপৰা এক সমস্যাত পৰিণত হৈছে হাতী-মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ কেতিয়াবা যদি, হাতীৰ পৰা সম্পত্তি ৰক্ষা কৰিবলৈ মানুহে পাটি থোৱা মৰণ ফান্দত ভৰি দি প্ৰাণ হেৰুৱাইছে গজৰাজে (Man elephant conflict causing elephant's death) ৷

Man elephant conflict : উপায়হীন ৰাইজে ক’লে, স্থায়ী সমাধান কৰিব নোৱাৰিলে আমাক গুলীয়াই মাৰক

আকৌ, কেতিয়াবা গজৰাজৰ গচকত প্ৰাণ হেৰুৱাইছে কোনোৱে (Man lost life in elephant attack) ৷ সা-সম্পত্তি, বাসস্থান একোৰেই যেন নিৰাপত্তা নাই এই যুদ্ধখনৰ পৰা ৷ উজনি অসমৰ গোলাঘাট জিলা বনৰীয়া হাতীৰ এই আক্ৰমণত সৰ্বাধিক ক্ষতিগ্ৰস্ত এখন জিলা ৷ প্ৰায় প্ৰতি মাহেই জিলাখনত সংঘটিত হৈ আহিছে হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ ঘটনা ৷ শেহতীয়াকৈ, গোলাঘাট জিলাৰ দৈগ্ৰোং নামবৰ বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলত বন্যহস্তীৰ এটা জাকে প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰে ।

বন্যহস্তীয়ে সংঘটিত কৰা এয়া কোনো নতুন দৃশ্য নহয় । গোলাঘাট জিলাৰ দৈগ্ৰোং নামবৰ বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলত এইটো সচৰাচৰ সংঘটিত হৈ থকা ঘটনা। প্ৰত্যেক বাৰৰ দৰে এইবাৰো ঘৰৰ আচবাব, খাদ্য সামগ্ৰী নষ্ট কৰাৰ ফলত উপায়ান্তৰ হৈ পৰিছে ভুক্তভোগী পৰিয়ালসমূহ । আনকি, হাতীৰ এই আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে এটা পৰিয়াল । বৃহৎ অঞ্চলটোত নিতৌ অব্যাহত আছে হাতীৰ সন্ত্ৰাস ।

নিশা হ'লেই এতিয়া ৰাইজ এক ভয়ংকৰ সমস্যাৰ সন্মূখীন হৈছে । ফলত, উজাগৰি নিশা পাৰ কৰিব লগা হৈছে ৰাইজে ৷ উপায়ন্তৰ হৈ ৰাইজে এতিয়া, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এক স্থায়ী সমাধান বিচাৰি কাতৰ অনুৰোধ জনাইছে ৷ ''আমাক গুলীয়াই মাৰক, নহ’লে স্থায়ী সমাধান দিয়ক'' এয়াই এতিয়া উপায়হীন অঞ্চলবাসীৰ ভাষ্য ৷ অৱশ্যে, এই আহ্বানলৈ চাই ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে অথবা কিবা সুদূৰ প্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব নে নহয় সেয়া অনাগত সময়ত লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : আলফাৰ ঘাটিত আৰক্ষীৰ চোৰাংচোৱা ! চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.