ETV Bharat / state

গোলাঘাটত মহিলাসহ গ্ৰেপ্তাৰ তিনি অভিযুক্ত চোৰ

গোলাঘাট নগৰ আৰু নগৰৰ কাষৰীয়া ভিন্ন অঞ্চলত সংঘটিত ধাৰাবাহিক চুৰিকাণ্ডৰ লগত জড়িতৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে প্ৰেপ্তাৰ কৰে মহিলাসহ তিনিজনকৈ অভিযুক্তক ৷

গ্ৰেপ্তাৰ তিনি অভিযুক্ত চোৰ
গ্ৰেপ্তাৰ তিনি অভিযুক্ত চোৰ
author img

By

Published : Aug 20, 2020, 2:24 PM IST

গোলাঘাট, 20 আগষ্ট: ঘৰত মানুহ নথকাৰ সুযোগ লৈ গোলাঘাটত চুৰিকাণ্ড সংঘটিত কৰা 3 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ এগৰাকী মহিলাসহ 3 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ দলটোত আন কেইবাজনো লোক আছে যদিও, এই পৰ্যন্ত সেই লোক কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ গোলাঘাট নগৰ আৰু নগৰৰ কাষৰীয়া অঞ্চলত এই দলটোৱে ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত কৰি আহিছে বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷

গোলাঘাটত মহিলাসহ গ্ৰেপ্তাৰ তিনি অভিযুক্ত চোৰ

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, বিগত ৩০ জুলাই আৰু ১৭ আগষ্টত তপন নগৰত সংঘটিত দুটাকৈ চুৰিকাণ্ডত এই কেইজন লোক জড়িত আছিল ৷ আৰক্ষীয়ে কোনো গোপন সুত্ৰই প্ৰদান কৰা তথ্যৰ ভিত্তিত অভিযান চলাই অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজনৰ নাম চাফিজুল আলি, মুস্কান বেগম আৰু শংকৰ মাহাতো বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ উল্লেখ্য যে, উক্ত চুৰিকাণ্ডৰ লগত জড়িত আন দুজন লোকৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ইফটিকাৰ আহমেদ হত্যাকাণ্ডৰ ঘটনাঃ দুজনক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.