ETV Bharat / state

Omicron in Assam: অ’মিক্ৰণক লৈ অভয়বাণী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

অ’মিক্ৰণক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই ৷ কিছু সতৰ্ক হৈ থাকিলেই হ’ব ৷ সংক্ৰমণ বেছি হ'লেও অ’মিক্ৰণে বিশেষ ক্ষতি কৰিব নোৱাৰে (There is no need to panic and be afraid of Omicron) ৷ এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷

author img

By

Published : Jan 4, 2022, 4:52 PM IST

অ’মিক্ৰন সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য

গোলাঘাট, 4 জানুৱাৰী: অ’মিক্ৰণক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই, বৰঞ্চ সতৰ্ক হ'ব লাগিব । সংক্ৰমণ বেছি হ'লেও তাৰ পৰা হোৱা ক্ষতিৰ পৰিমাণ খুউব কম (There is no need to panic and be afraid of Omicron)। এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ।

গোলাঘাটৰ ৰঙাজানস্থিত ডনবস্কো স্কুলৰ ভেকচিন প্ৰদান কাৰ্যসূচীত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাজ্যত সমাপ্ত কৰা হ'ব 15ৰ পৰা 18 বছৰৰ কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া ৷ ফলত মাৰ্চ মাহলৈকে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ বিশেষ অসুবিধা নহয় ৷ সোমবাৰে ৰাজ্যত ক'ভিড সংক্ৰমণ কিছু পৰিমানে বঢ়াৰ পৰিপ্ৰেক্ষিতত আজি পুৱা বিশেষজ্ঞসকলৰ সৈতে স্বাস্থ্য বিভাগে আলোচনা কৰাৰ কথাও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

হাস্পতাললৈ অহা ৰোগীৰ দেহৰ পৰা সংক্ৰমণ বৃদ্ধি হোৱা নাই বুলি মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অহা ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব Booster dose প্ৰদান প্ৰক্ৰিয়া । চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক প্ৰদান কৰা হ'ব এই ড'জ । ৫০ৰ পৰা ৬০ লাখ লোকক Booster dose প্ৰদান কৰাৰ পাছতেই ৰাজ্যত সমাপ্ত হ'ব দ্বিতীয় পালি ভেকচিন প্ৰদান প্ৰক্ৰিয়া ।

উল্লেখ্য যে, ক’ভিড ভেকচিন আৰু জাপানীজ এনকেফেলাইটিছ ভেকচিনৰ মাজত ব্যৱধান ৰাখি গোলাঘাটত পৃথকে পৃথকে প্ৰদান কৰা হৈছে 15ৰ পৰা 18 বছৰৰ কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া ।

লগতে পঢ়ক: Guwahati covid cases update : গুৱাহাটীত ২৪ ঘন্টাত ১৬৪ গৰাকী ক’ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.