গোলাঘাট , 20 মাৰ্চ : বিগত কিছু দিন ধৰি গোলাঘাটত সঘনাই সংঘটিত হৈ আহিছে চুৰিকাণ্ড । এইবাৰৰচোৰৰ কোপ দৃষ্টি পৰিলে গোলাঘাট জিলা ছাত্র সন্থাৰ কাৰ্যালয়ত ।
মঙলবাৰে নিশা ছাত্র সন্থাৰ কাৰ্যালয়ৰ পৰা চোৰে লুট কৰি নিয়ে ইনভাৰ্টাৰৰবেটাৰীৰ লগতে আন বহু মূল্যৱান সা-সামগ্ৰী । উল্লেখ্য যে বিভিন্ন সময়ত গোলাঘাটত বাইক, গাড়ী চুৰি হৈ অহাৰ উপৰিব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চাফাই অভিযান চলাই আহিছে । আৰক্ষীক চোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ৷