ETV Bharat / state

নুমলীগড়ত গাঁতত পৰি অসহায় বন্যহস্তীৰ আৰ্তনাদ - elephant screaming

নুমলীগড়ৰ ভিন্ন অঞ্চলত সন্ত্ৰাস চলাই অহা বনৰীয়া হাতীৰ জাকৰ পৰা ওলাই অহা এটা বন্যহস্তীৰ পোৱালী হঠাৎ গাঁতত পৰে ।  বন বিভাগক খবৰ দিয়াৰ পাচতো উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ

নুমলীগড়ত গাতত পৰি বন্যহস্তীৰ আৰ্তনাদ
নুমলীগড়ত গাতত পৰি বন্যহস্তীৰ আৰ্তনাদ
author img

By

Published : Oct 4, 2020, 4:45 PM IST

গোলাঘাট, 4 অক্টোবৰ : এটা বন্যহস্তীৰ আৰ্তনাদ ৷ বিগত কিছুদিন ধৰি নুমলীগড়ৰ ভিন্ন অঞ্চলত সন্ত্ৰাস চলাই অহা বনৰীয়া হাতীৰ জাকৰ পৰা ওলাই অহা এটা বন্যহস্তীৰ পোৱালী হঠাৎ গাঁতত পৰে ।

নুমলীগড়ত গাঁতত পৰি বন্যহস্তীৰ আৰ্তনাদ

উল্লেখ্য যে, "মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ" অন্তৰ্গত নুমলীগড়ৰ কাষৰীয়া নাহৰচলা অঞ্চলত চাহ বাগিছাৰ মাজত থকা এটা গাঁতত পৰি আৱদ্ধ হৈ পৰে এটা হাতী পোৱালী ৷

নুমলীগড়ত গাতত পৰি বন্যহস্তীৰ আৰ্তনাদ
নুমলীগড়ত গাতত পৰি বন্যহস্তীৰ আৰ্তনাদ

অৱশেষত প্ৰায় এঘন্টাৰ অন্তত গাঁতত পৰা পোৱালীটো নিজ মাতৃয়ে উদ্ধাৰ কৰে । ইপিনে মুৰফুলনী অঞ্চলত বনৰীয়া হাতীয়ে এখন দোকান ভাঙি তহিলং কৰাত বন বিভাগক খবৰ দিয়ে স্থানীয় ৰাইজে ৷ কিন্তু বন বিভাগক খবৰ দিয়াৰ পাচতো উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক :হঠাৎ খহি পৰিল কচুৱা-কাৰ্বি আংলং সংযোগী পকী দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.