ETV Bharat / state

Tense Situation in Golaghat: প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jan 11, 2022, 7:50 PM IST

সোমবাৰে গোলাঘাটৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ এগৰাকী প্ৰসূতিয়ে অস্ত্ৰোপচাৰৰ পিছতে মৃত্যুক সাৱটি ল’ব লগীয়া হোৱাৰ পিছতে সৃষ্টি হয় এই পৰিস্থিতিৰ (Maternity Death in Golaghat) ৷ চৰকাৰী চিকিৎসকে ব্যক্তিগত নাৰ্ছিং হোমত মইমতালি চলোৱাৰো অভিযোগ উত্থাপিত হৈছে ৷

Tense Situation in Golaghat
প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটত উত্তপ্ত পৰিস্থিতি

গোলাঘাট, 11 জানুৱাৰী : গোলাঘাটৰ ব্যক্তিগত নাৰ্ছিং হোমত চৰকাৰী চিকিৎসকে মইমতালি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰসৱ বেদনাত ভোগা প্ৰসূতিক চৰকাৰী চিকিৎসালয়ত অস্ত্ৰোপচাৰ নকৰি ব্যক্তিগত চিকিৎসালয়লৈ মাতি ভুল চিকিৎসা কৰাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসক চাইদুল হকৰ বিৰুদ্ধে । দেওবাৰে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাবলৈ লৈ যোৱা ৰিজুমা বেগম নামৰ প্ৰসূতি মহিলাগৰাকীক অস্ত্ৰোপচাৰ কৰোঁতে পাঁচদিন সময় লাগিব বুলি কয় চিকিৎসক চাইদুল হকে ৷

কিন্তু গোলাঘাটৰ ‘লাইফ লাইন নাৰ্চিং হোম’ত ভৰ্তি কৰিলে আধা ঘন্টাৰ ভিতৰত অস্ত্ৰোপচাৰ কৰাৰ প্ৰলোভন দি অস্ত্ৰোপচাৰৰ বাবে ৪০ ৰ পৰা ৫০ হাজাৰ টকা খৰচ হোৱাৰ কথাও প্ৰসূতিৰ আত্মীয়ক অৱগত কৰে ডাঃ চাইদুলে । পিছত দেওবাৰে অস্ত্ৰোপচাৰ সম্পন্ন হয় প্ৰসূতি ৰিজুমা বেগমৰ । পিছে অস্ত্ৰোপচাৰৰ পাছত পুনৰ পেট আৰু কান্ধত চূড়ান্ত বিষ অনুভৱ কৰে প্ৰসূতিগৰাকীয়ে । যাৰ বাবে আল্ট্ৰাচাউণ্ড কৰোৱাত পেটত কোনো তৰল দ্ৰব্যৰ উপস্থিতি ধৰা পেলায় চিকিৎসকে ।

শেষত সোমবাৰে প্ৰসূতিগৰাকীৰ পেটত সেই তৰল দ্ৰব্য বিচাৰি পুনৰ অস্ত্ৰোপচাৰ চলায় যদিও কোনো ধৰণৰ দ্ৰব্যৰ উপস্থিতি ধৰা পেলাব নোৱাৰে । অস্ত্ৰোপ্ৰচাৰৰ প্ৰায় তিনি ঘন্টাৰ পিছতে মহিলাগৰাকীৰ মৃত্যু ঘটে (Maternity Death in Golaghat)।

সমগ্ৰ ঘটনা চিকিৎসকৰ গাফিলতিৰ বাবেই হোৱা বুলি অভিযোগ তুলিছে প্ৰসূতিগৰাকীৰ আত্মীয়ই । ইপিনে সংবাদ মাধ্যমৰ আগত চিকিৎসক চাইদুল হকে ভাষ্য প্ৰদান কৰে যে মহিলাগৰাকীয়ে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পাছত কোন স্থানত বিষ অনুভৱ কৰিছিল সেইয়াই সঠিককৈ ক'ব পৰা নাই । সমগ্ৰ ঘটনাক লৈ সোমবাৰে লাইফ লাইন নাৰ্চিং হোম চৌহদত বিৰাজ কৰে এক উত্তপ্ত পৰিস্থিতিয়ে (Tense situation at Life Line Hospital Research Centre) । পৰৱৰ্তী সময়ত ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক: Prescription Forgery in GMCH : ভুৱা প্ৰেছক্রিপচনেৰে ঔষধ নিবলৈ আহি আটক দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.