ETV Bharat / state

পথৰ দুৰৱস্থাই অতিষ্ঠ কৰিছে বৰপথাৰবাসীক

author img

By

Published : Jun 7, 2021, 1:06 PM IST

বৰপথাৰৰ টেঙানীৰ ঔ-গুৰি আলিছিগা পথৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ ৷ পথটোৰ মেৰামতিৰ বাবে স্থানীয় ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাই আহিছে যদিও কোনো সুফল পোৱা নাই ৰাইজে ৷

পথৰ দুৰৱস্থাই অতিষ্ঠ কৰিছে বৰপথাৰবাসীক
পথৰ দুৰৱস্থাই অতিষ্ঠ কৰিছে বৰপথাৰবাসীক

সৰুপথাৰ, 7জুন : ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ টেঙানী গাঁও পঞ্চায়তৰ অন্তৰ্গত ঔ-গুৰি আলিছিগা পাৰঘাটৰ পৰা ২ নং বৰহোলা হৈ বৰপথাৰ পৌৰসভালৈ যোৱা পথটোৰ দুৰৱস্থাৰ বাবে ৰাইজে জীয়াতু ভূগিব লগা হৈছে । পঞ্চায়তটোৰ কেইবাখনো গাঁৱৰ ৰাইজে বছৰ-বছৰ ধৰি পথৰ দুৰৱস্থাৰ বাবেই জীয়াতু ভুগিবলগীয়া হৈছে । স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো বৰ্তমানলৈকে ৰাইজ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে বিধস্ত পথেৰেই যাতায়ত কৰিবলগীয়া হৈছে ।

পথৰ দুৰৱস্থাই অতিষ্ঠ কৰিছে বৰপথাৰবাসীক
পথৰ দুৰৱস্থাই অতিষ্ঠ কৰিছে বৰপথাৰবাসীক

প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰ বেয়া অৱস্থাৰ বাবে খৰালীত কোনো দিনে আহিব নোৱাৰে এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন সেৱা । প্ৰসূতিকে ধৰি কোনো সংকটজনক ৰোগীক ঠেলাৰে বা সাঙীৰে ভাল পথলৈ আনিব লাগে । পথটোৰ দুৰৱস্থাৰ বাবে অতি শীঘ্ৰে পথটো নিৰ্মাণ কৰিবলৈ নৱ গঠিত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় স্থানীয় ৰাইজে ৷

অন্য এক খবৰৰ বাবে: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান নিৰঞ্জন হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.