ETV Bharat / state

Foundation Day of Team Humanity : প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰক্তদান শিবিৰৰ আয়োজন

author img

By

Published : Nov 22, 2021, 8:46 PM IST

বোকাখাতত ‘টিম হিউমেনিটি’(6th Annual Foundation Day of Team Humanity)ৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ মঙলবাৰে বোকাখাত নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনত প্ৰদান কৰা হ’ব তিনিটাকৈ বিশেষ বঁটা ৷

team humanity press meet
টিম হিউমেনিটিৰ সংবাদমেল

বোকখাত, 22 নৱেম্বৰ : বোকাখাতত মানুহ আৰু মানৱতাৰ অনুষ্ঠান ‘টিম হিউমেনিটি’(6th Annual Foundation Day of Team Humanity)ৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ এই অনুষ্ঠানত নাট্যকৰ্মী পবিত্ৰ ৰাভাক 2021 বৰ্ষৰ ‘উদীয়মান সমাজ সেৱা বঁটা’, প্ৰসেনজিৎ দাসক ‘শ্ৰেষ্ঠ ৰক্তদাতা বঁটা’ আৰু অৰ্চনা ঠাকুৰক ‘উদীয়মান সমাজ সেৱিকা’ৰ বঁটা প্ৰদান কৰা হয় ৷

ইফালে 23 নৱেম্বৰ অৰ্থাৎ মঙলবাৰে বোকাখাত নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ’ব টিম হিউমেনিটিৰ অধিৱেশন কাৰ্যসূচী ৷ ‘ৰক্তদান মহান দান’ বাক্যশাৰীক মূলমন্ত্ৰ হিচাপে লৈ 2013 চনত গঠন হোৱা টিম হিউমিনিটি নামৰ সংস্থাটোৱে বৰ্তমানলৈকে 25 হাজাৰৰো অধিক ইউনিট তেজ আগবঢ়াই মানৱতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।

অসমৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত বসবাস কৰা অসমীয়া লোকসকলক লৈ 74 হাজাৰ সদস্যৰে গঠিত সংস্থাটোৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰা হ’ব ওপৰোক্ত বিশেষ বঁটা তিনিটা । বোকাখাত নাট্য মন্দিৰত এক সংবাদমেল সম্বোধন কৰি সংগঠনৰ মুখ্য সম্পাদক দিব্যজ্যোতি কলিতাই এই সম্পৰ্কে অৱগত কৰে ।

টিম হিউমেনিটিৰ সংবাদমেল

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সামূহিক ৰক্তদান শিবিৰ আৰু ৰক্তদাতা সমাৰোহো আয়োজন কৰিছে সংস্থাটোৱে । উক্ত অনুষ্ঠানতে সমাজকৰ্মী তথা শিক্ষক নিপুল চন্দ্ৰ বৰুৱা ন্যাস পৰিয়ালৰ তৰফৰ পৰা নাট্যকৰ্মী পবিত্ৰ ৰাভাক 2021 বৰ্ষৰ বিশিষ্ট সমাজ সেৱক বঁটা আৰু বিশেষভাৱে সক্ষম হোৱাৰ পাচতো 30 বাৰতকৈ অধিক ৰক্তদান কৰা গুৱাহাটীৰ প্ৰসেনজিৎ দাসক শ্ৰেষ্ঠ ৰক্তদাতা বঁটা প্ৰদান কৰা হ’ব । ইয়াৰ লগতে শিশুসকলৰ বাবে সামাজিকমূলক কাম কৰা যোৰহাটৰ অৰ্চনা বৰঠাকুৰক উদীয়মান সমাজ সেৱিকাৰ বঁটা প্ৰদান কৰা হ’ব ৷

লগতে পঢ়ক : Parthona Scheme : ডিব্ৰুগড়ত প্ৰাৰ্থনা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.