ETV Bharat / state

ন্যায্য প্ৰাপ্যৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 30, 2020, 4:08 PM IST

শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা আৰু উপ-কৰ্মচাৰীসকলৰ ম্যাদ বৃদ্ধি কৰাৰ দাবীত খুমটাইত চাহ শ্ৰমিক সকলৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

Teagarden labour protest at khumtai
ন্যায্য প্ৰাপ্যৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

খুমটাই,30 জুনঃ চাহ মজদুৰ সংঘৰ উদ্যোগত খুমটাই চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ন্যায্য প্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সকলে ৷

চাহ মজদুৰ সংঘৰ উদ্যোগত গোলাঘাট জিলাৰ খুমটাই চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত চৰকাৰৰ লগতে চাহ বাগিচাৰ মালিক পক্ষৰ বিৰুদ্ধে চাহ শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, দীৰ্ঘ দিনে বাগিচাৰ মালিক কৰ্তৃপক্ষই চাহ শ্ৰমিক সকলক কেৱল প্ৰতাৰণা কৰি অহা বুলি অভিযোগ কৰে ৷ তাৰোপৰি বাগিচা খনৰ শ্ৰমিক সকলে দীৰ্ঘ দিনৰে পৰা উচিত মজুৰীৰ পৰাও বঞ্চিত হৈ আহিছে বুলি সাংবাদিক আগত মন্তব্য কৰে ৷

লগতে শ্ৰমিক সকলৰ দৈনিক মজুৰি 165 টকাৰ পৰা 350 টকালৈ বৃদ্ধি কৰা আৰু উপ-কৰ্মচাৰীসকলৰ ম্যাদ বৃদ্ধি কৰিবলৈ চৰকাৰ তথা মালিকপক্ষক দাবী জনায় প্ৰতিবাদকাৰী শ্ৰমিক সকলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক পুৰষ-মহিলাকে ধৰি বহু সংখ্যক প্ৰতিবাদকাৰী অংশ গ্ৰহণ কৰে ৷ লগতে প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দাবীত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.