গোলাঘাট,22মেঃ লক ডাউনত আবদ্ধ হৈ জনজীৱন ব্যাহত হৈ পৰাৰ মাজতে দুবেলা দুমুঠিৰ অভাৱত কষ্টকৰ জীৱন কটাইছে বহু দৰিদ্ৰ পৰিয়ালে । সমগ্ৰ দেশৰ লগতে ৰাজ্যখনত চলি থকা লক ডাউনৰ ফলত সম্প্ৰতি খাদ্য সংকতত ভূগিছে বহু দৰিদ্ৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়াল ৷
এনে সময়ত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰাৰ নেতৃত্বত দিন হাজিৰা কৰা দৰিদ্ৰ লোক সকলক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলা যোগান ধৰি সহায়ৰ হাত আগবঢ়াই আহিছে গোলাঘাট জাতীয় সংগঠনসমূহ ৷ অনুৰূপভাৱে গোলাঘাটৰ বিভিন্ন এলেকাত চুতীয়া ছাত্ৰ সন্থাৰ মহেন বৰাৰ নেতৃত্বত তাই আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ,অনুসূচীত জাতি যুৱ পৰিষদ, আটছাৰ যৌথ উদ্যোগত ৩৫০০ হাজাৰ পৰিয়ালক প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰা হয় ৷

মেৰাপানী, শিশুপানি, উপৰ মেৰাপানী দয়ালপুৰ, ৰতনপুৰ অঞ্চলৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰি সংগঠন কেইটায়ে যৌথভাবে দুখীয়া দৰিদ্ৰ লোক সকলক কিছু সকাহ দিয়া কাৰ্যক স্থানীয় ৰাইজে শলাগ লৈছে ।
লগতে পঢ়তঃ দিহিং পাটকাই আন্দোলনক বিপথে পৰিচালিত কৰিব বিচাৰিছেঃ ইক' ক্লাৱ