বোকাখাত,19 ছেপ্টেম্বৰ: অসমৰ অন্যতম মানৱতাবাদী এটি সংগঠন "হিউমিনিজিম" ৰ তৰফৰ পৰা বোকাখাতৰ উজনি অসম দিবাংগ কেন্দ্ৰত বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে( Special health camps organized for Disabled )। অসমৰ বিভিন্ন প্ৰান্তৰ ৭০ গৰাকী সদস্যৰ দ্বাৰা গঠিত "হিউমিনিজিমে" অসমৰ বিভিন্ন জিলাৰ বৃদ্ধাশ্ৰম আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী থকা আৱাসত স্বাস্থ্য পৰীক্ষা আৰু যোগাভাসৰ লগতে সংগীত থেৰাপীৰ আয়োজন কৰি আহিছে(NGO Humanism) ।
দেওবাৰে বোকাখাতৰ উজনি অসম দিব্যাংগ কেন্দ্ৰত উপস্থিত হৈ শিশুসকলৰ স্বাস্থ্য পৰীক্ষা আৰু সংগীত থেৰাপিৰ ব্যৱস্থা কৰে মানৱতাবাদী সংগঠনটোয়ে(Upper Assam Disabled centre) । সংস্থাটোৰ সভানেত্ৰী কাকলি হাজৰিকা, সম্পাদক সত্যব্ৰত পুজাৰী, চিকিৎসক ডাঃ অৰুণজ্যোতি হাজৰিকা, ডাঃ হেমব্ৰত দাস, ডাঃ মৃগাক্ষী বৰা আৰু সংগীত থেৰাপীষ্ট ববিতা ভট্টাচাৰ্যয়ে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত ৷
লগতে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰটো পৰিচালনাৰ সভাপতি তথা সদৌ অসম ৰাজ্যিক সাংবাদিক সংন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়া, প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতাৰ লগতে সংন্থাৰ সদস্যসকল । আগন্তক দিনটো হিউমিনিজিমে এনেধৰণৰ সমাজ হিতৈষী কাম কৰি যোৱাৰ পৰিকল্পনা পুহি ৰাখিছে বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: আঠবছৰৰ অন্তত কষ্টই সাৰ্থক ৰূপ পালে চাবুৱাৰ পৰাগজ্যোতি গগৈৰ