ETV Bharat / state

গোলাঘাট প্ৰেছ ক্লাৱত গীতৰ শুভমুক্তি - New song release in Golaghat

গোলাঘাট প্ৰেছ ক্লাৱত মুকলি কৰা হ'ল শিল্প-সংস্কৃতি গোষ্ঠীৰ পৰিকল্পনাৰে সজোৱা 'বৃন্দাবন' শীৰ্ষক গীতটি । শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি মুক্তি দিয়া হয় গীতটি । ধ্ৰুৱজ্যোতি দত্তৰ কথাৰ গীতটিত কণ্ঠদান কৰিছে বাপুজী কোঁৱৰ, ভাগ্যশ্ৰী দেৱী, হিৰণ্ময়ী কলিতা আৰু ৰিপুঞ্জয় শৰ্মাই ।

Song auspicious release at Golaghat Press Club
গোলাঘাট প্ৰেছ ক্লাৱত গীতৰ শুভমুক্তি
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 6:09 PM IST

গোলাঘাট প্ৰেছ ক্লাৱত গীতৰ শুভমুক্তি

গোলাঘাট,১৮ নৱেম্বৰ : শিল্প-সংস্কৃতি গোষ্ঠীৰ পৰিকল্পনাৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি শনিবাৰে গোলাঘাট প্ৰেছ ক্লাৱত সাৱলীল ৰূপত নিৰ্মাণ কৰা বৃন্দাবন গীতটি শুভ ঊন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাই । আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে গোলাঘাট পৌৰ সভাৰ উপ-পৌৰপতি, বিশিষ্ট সমাজকৰ্মী সীমান্ত বৰাই ।

পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰাই পৰিচালনা কৰা অনুষ্ঠানটিত সমাজকৰ্মী মানৱ সন্দিকৈ, সাংবাদিক চন্দন কৰ্মকাৰ, সীমান্ত কলিতা, জ্যোতিপ্ৰসাদ শইকীয়া আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । গীতটিত কণ্ঠদান কৰিছে বাপুজী কোঁৱৰ, ভাগ্যশ্ৰী দেৱী, হিৰণ্ময়ী কলিতা আৰু ৰিপুঞ্জয় শৰ্মাই । গীতৰ কথা ধ্ৰুৱজ্যোতি দত্ত আৰু সুৰ আৰু সংগীত ৰঞ্জিত গগৈৰ ।

গীতটিত কেমেৰাৰে সজাইছে ভাস্কৰ বৰাই । ভিডিঅ' পৰিচালনা ৰাজীৱ দত্তৰ আৰু কৰিঅ'গ্ৰাফী বেদান্ত বিকাশ দত্তৰ । অভিনেতা, অভিনেত্ৰীৰ সাৱলীল অভিনয়, কলা-কুশলীৰ প্ৰাচুৰ্যতাত গীতটি প্ৰাণ পাই উঠিছে ।এই গীতটি শিল্প-সংস্কৃতিৰ ইউটিউব আৰু ফেইচবুক পেজত উপলব্ধ হ'ব । গীতটি অসমবাসী ৰাইজে আদৰি ল'ব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, ধ্ৰুৱজ্যোতি দত্তৰ ৰচনাৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ কণ্ঠত ইতিমধ্যে বিপুল জনপ্ৰিয়তা লাভ কৰিছে বিহুগীত 'মৰম লগা ভণ্টিজনী, টোকাৰী গীত জনমৰ প্ৰভাতী বেলা কৰ্ণক দিলে বিসৰ্জন, আচুৰ্য বৰপাত্ৰৰ কণ্ঠত নামঘৰ শীৰ্ষক ভক্তিগীত আদিয়ে । এই গীতটিকো মৰম দিবলৈ আহ্বান জনাই ধ্ৰুৱজ্যোতি দত্তই । ইতিমধ্যে গীতটি মুক্তিৰ পাছতে শ্ৰোতা-দৰ্শকে আদৰি লোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : এন চি চিৰ উত্তৰ-পূৰ্বাঞ্চল কাৰ ৰেলী তেজপুৰত উপস্থিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.