গোলাঘাট,21 জুলাইঃ কৰ'ণা সংক্ৰমণৰ মাজতেই গোলাঘাটত প্ৰতিবাদ। অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদত মুখৰ হৈ উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । মঙলবাৰে গোলাঘাটৰ ফৰকাটিঙত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
অখিল গগৈৰ মুক্তি দাবীত ছাত্র ফৰকাটিং ৰেল গেটৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। এই প্ৰতিবাদত অৰ্ধ উলংগ হৈ কেন্দ্র তথা ৰাজ্য চৰকাৰলৈ সকীয়নি ছাত্ৰ সংগঠনটোৰ সদস্যসকলৰ ৷ তেওঁলোকৰ দাবী অতি শীঘ্ৰে অখিল গগৈক মুক্ত কৰক কাৰাগাৰৰ পৰা । অন্যথা গণতান্ত্ৰিক ভাৱে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷
![SMSS PROTEST FOR FREE AKHIL GOGOI AT GOLAGHAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-801-21july-protest-vis-byte-as10024_21072020122132_2107f_00767_995.jpg)