ETV Bharat / state

হেপাঁহৰ বিহুটিক বিহু হিচাপে থাকিবলৈ দিয়ক : মহেন্দ্ৰ হাজৰিকা - Rangali Bihu celebration in Assam

প্ৰত্যেকগৰাকী অসমীয়াই এইবাৰ অতি উদ্যমেৰে পালন কৰিব হেপাঁহৰ ৰঙালী বিহু ৷ বহুধা বিভক্ত নহৈ বিহু উদযাপন সমিতি সমূহে বিহুটিক আন্তৰিকতাৰে পালন কৰক ৷ ৰঙালী বিহুৰ প্ৰাক্ ক্ষণত বোকাখাতত উপস্থিত হৈ জনপ্ৰিয় সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাৰ মন্তব্য প্ৰকাশ (Singer Mahendra Hazarika comments on Rongali Bihu)৷

singer-mahendra-hazarika-comments-on-rongali-bihu
হেপাঁহৰ বিহুটিক বিহু হিচাপে থাকিবলৈ দিয়ক : মহেন্দ্ৰ হাজৰিকা
author img

By

Published : Apr 13, 2022, 7:44 PM IST

বোকাখাত, 13 এপ্ৰিল : "হেপাঁহৰ বিহুটিক বিহু হিচাপে থাকিবলৈ দিয়ক, সম্প্ৰীতিৰ সমন্বয়েৰে বিহুটিক উদযাপন কৰক ৷ বহুধা বিভক্ত নহৈ বিহু উদযাপন সমিতি সমূহে বিহুটিক আন্তৰিকতাৰে পালন কৰক ৷ এইবাৰ প্ৰত্যেকগৰাকী অসমীয়াই অতি উদ্যমেৰে পালন কৰিব হেপাঁহৰ ৰঙালী বিহু ৷" হেপাঁহৰ ৰঙালী বিহুৰ প্ৰাক্ ক্ষণত বোকাখাতত জনপ্ৰিয় সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাই মন্তব্য কৰি ক'লে এনেদৰে (Singer Mahendra Hazarika comments on Rongali Bihu) ৷

তেওঁ কয় যে, ক'ভিডসৃষ্ট পৰিৱেশৰ অৱসান ঘটাৰ পাছত স্বাভিমানী অসমীয়াই এইবাৰ উলহ-মালহেৰে পালন কৰিব ৰঙালী বিহু (Rangali Bihu celebration in Assam) ৷ কিন্তু আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কিছু কোঙা কৰিলেও বিহু উদযাপন হ'বই (Price hike in Assam)৷

হেপাঁহৰ বিহুটিক বিহু হিচাপে থাকিবলৈ দিয়ক : মহেন্দ্ৰ হাজৰিকা

উজনিৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰাৰ পথত বোকাখাতত ক্ষন্তেক সময়ৰ বাবে ৰোৱা দৰদী সংগীত মহেন্দ্ৰ হাজৰিকাই চাণ্ডা সংস্কৃতি পৰিহাৰ কৰি বিহুক ভালপোৱাসকলে উদাৰ মনেৰে বিহুটিক উদযাপন কৰিবলৈ তেওঁ আহ্বান জনায় ৷ লগতে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰো শলাগ লয় জনপ্ৰিয় সংগীত শিল্পীগৰাকীয়ে ৷ ইফালে লাখ লাখ টকাৰ বাজেটেৰে বিহু কমিটিসমূহে বিহুৰ ব্যাপক আয়োজন কৰাৰ কথাও উল্লেখ কৰে সংগীত শিল্পীগৰাকীয়ে (Bihu in the city with a budget of lakh rupees) ।

লগতে পঢ়ক : গুৱাহাটীৰ কোনখন বিহু মঞ্চত গীত পৰিবেশন কৰিব কোন শিল্পীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.