ETV Bharat / state

খুমটাইত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ

author img

By

Published : Feb 1, 2021, 4:50 PM IST

Updated : Feb 1, 2021, 5:23 PM IST

দীৰ্ঘদিনৰ পৰা খুমটাইৰ বৰুৱাখাট 8 নং লাইনৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰি অহাৰ পাছতো কৃপা দৃষ্টি পৰা নাই ৰজাঘৰীয়াৰ ৷ খোৱা পানী এটুপিৰ বাবে চৰকাৰলৈ কাতৰ অনুৰোধ অঞ্চলবাসীৰ ৷

scarcity-of-pure-drinking-water-at-baruahkhat-8th-no-ward-of-golaghat
খুমটাইৰ বৰুৱাখাট 8 নং লাইনত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ

গোলাঘাট, 1 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ সৰ্বাংগীন উন্নয়নৰ শ্লোগান তথা আঁচনিয়ে স্পৰ্শ কৰিব নোৱাৰা গোলাঘাটৰ এটা বিশেষ অঞ্চল ৷ স্বাধীনতাৰ 73 বছৰ পাৰ হৈ যোৱাৰ পাছতো তথা দেশে উন্নয়নৰ দিশে আগুৱাই যোৱাৰ পাছতো ৰজাঘৰীয়াৰ চূড়ান্ত অৱহেলাৰ সাক্ষী হৈ ৰৈছে গোলাঘাট জিলাৰ খুমটাইৰ বৰুৱাখাট 8 নং লাইন নামৰ এই অঞ্চলটো ৷

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়াও হাহাকাৰ কৰিব লাগে অঞ্চলটোত বসবাস কৰা ৰাইজে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিয়ে আজিকোপতি ঢুকি পোৱা নাই উক্ত অঞ্চলটো ৷ খুমটাই চাহ বাগিচা কৰ্তৃপক্ষৰ ফালৰ পৰা পানী যোগান ধৰিছে যদিও সেই অভাৱ পূৰণ কৰাত ব্যৰ্থ হৈছে বাগিচা কৰ্তৃপক্ষ ৷

উল্লেখ্য যে,অঞ্চলটোৰ মহিলা সকলে পুৱাই পানী যোগান ধৰা নিৰ্দিষ্ট স্থানত গৈ পানী নিবৰ বাবে উপস্থিত হয় যদিও পানী নাপাই খালি হাতে ঘৰলৈ উভতিব লগীয়া হয় মহিলা সকল ৷ যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বৰুৱাখাট 8নং লাইনৰ লোকসকল ৷ উক্ত অঞ্চলত অতি শীঘ্ৰে এটা পানী যোগান আঁচনি স্থাপন কৰিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া ৰুৱাখাট 8নং লাইন অঞ্চলবাসীয়ে ৷

লগতে পঢ়কঃ বাজেটত পেট্ৰ’ল-ডিজেলৰ প্ৰতি লিটাৰত 4 টকাকৈ কৰ বৃদ্ধিৰ প্ৰস্তাৱ

Last Updated : Feb 1, 2021, 5:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.