ETV Bharat / state

শিক্ষকৰ ধন আত্মসাৎ কৰি ৰঙাঘৰত গাণনিক - ২০১৮ চনতে শিক্ষক কৰ্মচাৰীৰ House Rent & Area শিতানৰ ধন কৌশলেৰে আত্মসাৎ কৰিছিল বিপুল মেচে

গোলাঘাটৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত তিনি লাখ টকাৰ কেলেংকাৰী ৷ ৰঙাঘৰত সোমাল কণিষ্ঠ সহায়ক তথা গাণনিক । ২০১৮ চনতে শিক্ষক কৰ্মচাৰীৰ House Rent & Area শিতানৰ ধন কৌশলেৰে আত্মসাৎ কৰিছিল কণিষ্ঠ সহায়ক তথা গাণনিক বিপুল মেচে ।

গোলাঘাট
বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত কেলেংকাৰী কৰি ৰঙাঘৰত গাণনিক
author img

By

Published : Jun 4, 2020, 10:30 AM IST

গোলাঘাট, 4 জুন : 2018 চনৰ অক্টোবৰ মাহতেই গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত সংঘটিত হৈছিল এক বৃত্তীয় কেলেংকাৰী । 2018 চনৰে শিক্ষক-কৰ্মচাৰীৰ House Rent & Area শিতানৰ ধন কৌশলেৰে আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল কণিষ্ঠ সহায়ক তথা গাণনিক বিপুল মেচৰ বিৰুদ্ধে ।

বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত কেলেংকাৰী কৰি ৰঙাঘৰত গাণনিক

জিলাখনৰ 270 গৰাকী শিক্ষক-কৰ্মচাৰীৰ বছৰেকীয়া House Rent & Area ৰ বাবদ আৱন্টিত মুঠ ধনৰ তিনি লাখ টকাৰ কেলেংকাৰী সংঘটিত হৈছিল কাৰ্যালয়টোত । শিক্ষক-কৰ্মচাৰীৰ প্ৰাপ‍্য ধনৰ পৰা গোপনে 4/5 হাজাৰ টকাকৈ কৰ্তন কৰি ভুৱা একাউণ্টৰ যোগেদি প্ৰায় তিনি লাখ টকা আত্মসাৎ কৰিছিল বিপুল মেচে ।

শিক্ষক কৰ্মচাৰী সকলে পাবলগীয়া ধন সম্পূৰ্ণ ৰূপে নোপোৱাত জিলা উপ-পৰিদৰ্শকক অভিযোগ দাখিল কৰিছিল । অভিযোগৰ ভিত্তিত উপ-পৰিদৰ্শক আতাউৰ ৰহমানে সমগ্ৰ বিষয়টো তদন্ত কৰাত বিপুল মেচৰ বিত্তীয় কেলেংকাৰীৰ তথ্য পোহৰলৈ আহে । লগে-লগে উপ-পৰিদৰ্শক আতাউৰ ৰহমানে গোলাঘাট আৰক্ষী থানাত মেচৰ বিৰুদ্ধে এক গোচৰ তৰে । এজাহাৰৰ ভিত্তিত বুধবাৰে গোলাঘাট আৰক্ষীয়ে বিপুল মেচক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ লগতে বৃহস্পতিবাৰে আদালতত হাজিৰ কৰে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.