সৰুপথাৰ,30 মাৰ্চঃ গোলাঘাট জিলাৰ বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব বিনামূলীয়া খাদ্য সামগ্ৰী ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ পিচতে সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ'জলীনা তিৰ্কীয়ে বিষয়টো সন্দৰ্ভত ধনশিৰি মহকুমা প্ৰশাসনৰ বিষয়া, পৌৰপতি, যোগান বিভাগ আৰু ৱাৰ্ডকমিচনাৰ সকলৰ সৈতে বৈঠকত মিলিত হয় ৷ এই বৈঠকতেই ৰেচন কাৰ্ড থকা পৰিয়ালৰ উপৰিও ৰেচন কাৰ্ড নথকা পৰিয়ালৰো তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়িকা গৰাকীয়ে ৷
ইতিমধ্যে জিলাখনৰ গ্ৰামাঞ্চলত বসবাস কৰা বাসিন্দা সকলৰ বাবে গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ অন্তৰ্গত পঞ্চায়তৰ জৰিয়তে শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ৷ বিধায়িকাগৰাকীয়ে তলাবন্ধৰ সময়ছোৱাত সকলো লোককে ঘৰতে থকাৰ বাবে আহ্বান জনোৱাৰ উপৰিও জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকসকলক ধন্যবাদ জ্ঞাপন কৰে ৷