ETV Bharat / state

বিধায়ক বিশ্বজিৎ ফুকনৰ সৰুপথাৰৰ দুখনকৈ পৌৰসভা পৰিদৰ্শন - ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টি

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সমষ্টিটোৰ দুখনকৈ পৌৰসভা পৰিদৰ্শন । আগন্তুক দিনত নগৰ দুখনক আটক ধুনীয়াকৈ গঢ়ি তুলিবলৈ ল'ব লগা কাৰ্যপন্থা সৰ্ম্পকে ভিন্ন আলোচনা কৰে ।

Biswajit phukan
বিধায়ক বিশ্বজিৎ ফুকনৰ সৰুপথাৰৰ দুখনকৈ পৌৰসভা পৰিদৰ্শন
author img

By

Published : May 29, 2021, 7:26 PM IST

সৰুপথাৰ, ২৯ মে': ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সমষ্টিটোৰ দুখনকৈ পৌৰসভা পৰিদৰ্শন কৰে । সমষ্টিটোৰ অন্তৰ্গত বৰপথাৰ আৰু সৰুপথাৰ পৌৰসভাত উপস্থিত হৈ কৰ্মচাৰীসকলৰ লগত মত বিনিময় কৰি সকলো দিশৰ বুজ লয় । আগন্তুক দিনত নগৰ দুখনক আটক ধুনীয়াকৈ গঢ়ি তুলিবলৈ ল'ব লগা কাৰ্যপন্থা সৰ্ম্পকেও কৰ্মচাৰীসকলৰ লগত আলোচনা কৰে বিধায়কগৰাকীয়ে ।

বিধায়ক বিশ্বজিৎ ফুকনৰ সৰুপথাৰৰ দুখনকৈ পৌৰসভা পৰিদৰ্শন

পৌৰসভা পৰিদৰ্শনৰ সময়তে এপেক্স বেংক সৰুপথাৰ শাখাই বিধায়কগৰাকীক সম্বৰ্ধনা জনায় । একে সময়তে এগৰাকী মহিলা ৰোগীক চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহাৰ্য আগবঢ়ায় বিধায়কগৰাকীয়ে । ইপিনে, ড্ৰাগছ সৰ্ম্পকে নিজৰ স্থিতি স্পষ্ট কৰি যি কোনো মূল্যৰ বিনিময়ত ড্ৰাগছ নিৰ্মূল হ'বই লাগিব বুলি কয় বিধায়ক বিশ্বজিৎ ফুকনে ।

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্রহণ কৰিবলৈ সমষ্টিটোৰ অন্তৰ্গত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক আহ্বান জনায় বিধায়কগৰাকীয়ে । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় বৰ্ষ সম্পূর্ণ হোৱাৰ উপলক্ষে দেওবাৰে 'সেৱাই সম্পৰ্ক' শীর্ষক কাৰ্য্যসূচী সৰুপথাৰ সমষ্টিটো ৰূপায়ন কৰাৰ কথা সদৰী কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: পদপথত বাস কৰা লোকক খাদ্য বিতৰণ নগাঁৱৰ ছাত্ৰ সমাজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.