ETV Bharat / state

সৰুপথাৰত চুৰিকাঘাটত মৃত্যু যুৱকৰঃ আৰক্ষীৰ জালত দুই অভিযুক্ত - সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়

সোমবাৰে দিন দুপৰতে সৰুপথাৰত চুৰিকাঘাটৰ ঘটনা সংঘটিত হয় ৷ তিনি ভাতৃয়ে মিলি চুৰিকাঘাট কৰে দুজন যুৱকক ৷ লগে-লগে আঘাতপ্ৰাপ্তক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমানলৈ দুজন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

Sarupathar attempth to murder
সৰুপথাৰত চুৰিকাঘাট কাণ্ডঃগ্ৰেপ্তাৰ দুই
author img

By

Published : May 11, 2020, 10:28 PM IST

Updated : May 11, 2020, 11:00 PM IST

সৰুপথাৰ, 11 মে' : লক্ ডাউনৰ মাজতে সোমবাৰে সৰুপথাৰ নগৰৰ মাজমজিয়াত আবেলি এক চুৰিকাঘাট কাণ্ড সংঘটিত হয় ৷ সৰুপথাৰ নগৰৰ নকচু খান আৰু আকবৰ খানে দৰৱ আনিবলৈ যাওঁতে নগৰৰ মাজমজিয়াত তিনি ভাতৃ ক্ৰমে ৰিয়াজ, ৰ'জ আৰু সঞ্জয়ে চুৰিকাঘাট কৰে বুলি আঘাটপ্ৰাপ্ত আকবৰে জানিবলৈ দিয়ে ৷ এই চুৰিকাঘাটত নকচু আৰু আকবৰ গুৰুতৰ ভাৱে আহত হয় ৷ লগে-লগে স্থানীয় লোকে আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে দুয়োকে সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷

সৰুপথাৰত চুৰিকাঘাট কাণ্ডঃগ্ৰেপ্তাৰ দুই

ঘটনাস্থলীৰ পৰা লগে-লগে তিনি ভাতৃয়ে পলাবলৈ সক্ষম হয় যদিও সৰুপথাৰ আৰক্ষীয়ে কিছুসময়ৰ পাচতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক ৷ কিন্তু বৰ্তমানেও পলাতক ৰিয়াজ আলী, চিৰাজ আলী আৰু ৰ'জ আলী ৷

ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নকচু খানৰ গোলাঘাটত মৃত্যু হৈছে ৷

লগতে পঢ়ক : হোজাইত উদ্ধাৰ গোৱালপাৰাৰ অসহায় বৃদ্ধা

Last Updated : May 11, 2020, 11:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.